জনপ্ৰতিনিধিৰ শালীনতা অতিক্ৰম কৰি মাতব্বৰৰ ৰূপত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ। পাবলগীয়া টকা বিচৰাৰ বাবে বিধায়কে দেহৰক্ষীক গুলী কৰাৰ নিৰ্দেশ দিয়ে মণ্ডল কংগ্ৰেছৰ সভাপতিক।
গুলী নকৰাৰ বাবেই দেহৰক্ষীক অশ্লীল ভাষাৰে পাৰে গালি–গালাজ। এই ঘটনা ঘটে অন কেমেৰাত। ঘটনাৰ বিৱৰণী অনুসৰি, আজি বাঘমাৰাত বিধায়ক শ্বেৰমান আলী আহমেদে পঞ্চায়ত গৃহ উদ্বোধন কৰাৰ পিছতেই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।
জানিব পৰা মতে, যোৱা বিধানসভা নিৰ্বাচনত বাঘমাৰাচৰ মণ্ডল কংগ্ৰেছৰ সভাপতি জিন্না ৰেজ্জাকুল আলমে নিৰ্বাচনৰ সময়ত ২ লাখ টকা খৰচ কৰা বুলি সদৰী কৰে।
বিগত দুটা বছৰ পাৰ হৈ যোৱাৰ পিছতো টকা নোপোৱাত আজি মণ্ডল কংগ্ৰেছৰ সভাপতিজনে বিধায়কজনৰ ওচৰত পাবলগীয়া টকা বিচৰাত বিধায়কজনে খঙত অগ্নিগৰ্ভা হৈ নিজৰ দেহৰক্ষীক জনসমাজ তথা অন কেমেৰাত মণ্ডল কংগ্ৰেছৰ সভাপতিক গুলী কৰাৰ নিৰ্দেশ দিয়ে।
কিন্তু দেহৰক্ষীজনে বিধায়কজনৰ নিৰ্দেশ পালন নকৰাত তেওঁক অকথ্য গালি–গালাজ পাৰে। বিধায়কজনৰ এনে কাৰ্যত স্থানীয় একাংশ ৰাইজে ক্ষুব্ধ হৈ বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
