তোলনীয়া সন্তানক পাশৱিক অত্যাচাৰ চলাবলৈ হাত নকঁপা সংগীতাৰ বেজীলৈ ভয়


 

অসমৰ বহুচৰ্চিত শিশু নিৰ্যাতনৰ ঘটনাৰ অভিযুক্ত ডাঃ সংগীতা দত্তক আজি GMCHৰ ফৰেনচিক মেডিচিন আৰু টক্সিকোলজী বিভাগত স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হয়। কিন্তু আশ্চৰ্যজনকভাৱে সংগীতাই তেজৰ নমুনা দিবলৈ অমান্তি হয়। জানিব পৰা মতে বেজি দেখি হেনো ভয় খালে ডাঃ সংগীতাই।


উল্লেখ্য যে, GMCHত সংগীতা দত্তই এক হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰে। তেওঁ আৰক্ষী আয়ুক্তক বিচাৰি চিকিৎসালয়ত হাহাকাৰ কৰে। আৰক্ষী আয়ুক্তৰ বাহিৰে তেওঁ কাকো বিশ্বাস নকৰে বুলিও কয়। তেওঁ কয় যে, ‘‘মই কাকো বিশ্বাস নকৰো। মই মৰি গলেও মুখ নোখোলো।’’ লগতে সংগীতাই ক’লে যে, ‘‘মোক ষড়যন্ত্ৰ কৰা হৈছে। মোৰ কাম কৰা মানুহ জড়িত আছে।’’

লগতে সংগীতাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী আয়ুক্তক লগ কৰিব বিচাৰিছে বুলিও জানিব পৰা গৈছে।


Post a Comment

Previous Post Next Post