কেতিয়াবা ৰাজনৈতিক ইছ্যুও হ'ব পাৰে ইতিবাচক ৷ সেয়াই প্ৰমাণিত হ'ল মাধৱদেৱ কলাক্ষেত্ৰৰ ক্ষেত্ৰত ৷ এটা সময়ত মহাপুৰুষ মাধৱদেৱৰ প্ৰতি থকা শ্ৰদ্ধা, ভক্তি আৰু আৱেগৰ সুযোগ লৈ ৰাজনীতিকে প্ৰৱেশ কৰিছিল বিহপুৰীয়া সমষ্টিলৈ ৷ সেয়া আছিল ২০০৫ চনৰ কাহিনী ৷
সময় আছিল কংগ্ৰেছ দলৰ।নক'লেও হ'ব যে মহাপুৰুষ মাধৱদেৱৰ প্ৰতি সমগ্ৰ ৰাজ্যৰ লগতে বিহপুৰীয়া সমষ্টি তথা নাৰায়ণপুৰবাসীৰ আছে বিশেষ টান ৷ সেই কথা বাৰুকৈয়েই জানে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই ৷ ইয়াৰে সুযোগ লৈ ৰাজনীতিকে স্থান দখল কৰিবলৈ চেষ্টা কৰে সমষ্টিবাসীৰ মনত ৷ সেই অনুপাতে ৰাজনীতিক সফল হৈছিল যদিও মাধৱদেৱ কলাক্ষেত্ৰ কেৱল এটা ৰাজনৈতিক ইছ্যু হৈয়েই থাকি গৈছিল ৷
অৱশেষত ২০০৭ চনৰ ২৩ মাৰ্চত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে নাৰায়ণপুৰস্থিত শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ প্ৰাংগণত স্থাপন কৰিছিল মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা ৷ মাত্ৰ ৫ কোটি টকা আৱণ্টন দি কলাক্ষেত্ৰখন নিৰ্মাণৰ কাম শামুকীয়া গতিৰে আগবঢ়াই গৈছিল সমষ্টিবাসীক দলটোৰ প্ৰতি আকৰ্ষণ কৰাৰ চেষ্টাত ৷
সমান্তৰাকৈ প্ৰতিখন ৰাজনৈতিক সভাত মাধৱদেৱ কলাক্ষেত্ৰক ইছ্যু হিচাপে ব্যৱহাৰ কৰি থকা হৈছিল । কিন্তু সম্পূৰ্ণ হোৱাৰ নামেই নল'লে কলাক্ষেত্ৰখনৰ নিৰ্মাণকাৰ্য ৷ সময় সলনি হ'ল, সলনি হ'ল শাসকৰ দল ৷ সেয়া আছিল ২০১৪ চনৰ কথা । ভাৰতীয় জনতা পাৰ্টিয়েও নিৰ্বাচনৰ পূৰ্বে মাধৱদেৱ কলাক্ষেত্ৰকেই ইছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ ল'লে।
বিহপুৰীয়া সমষ্টিত অনুষ্ঠিত প্ৰতিখন ৰাজনৈতিক সভাত কংগ্ৰেছ দলক কটাক্ষ কৰি মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য অতিশীঘ্ৰেই সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ ল'লে বিজেপি নেতাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কলাক্ষেত্ৰখনৰ প্ৰসংগটো উল্লেখ কৰি সমষ্টিবাসীৰ মনত দলীয় খোপনি পোতাত সফল হৈছিল ৷
অৱশ্যে সেই ৰাজনৈতিক ইছ্যু এতিয়া কেৱল এটা ইছ্যু হৈ নাথাকিল ৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ বাধ্য হৈ ৩৪ কোটি টকা আৱণ্টনেৰে নিৰ্মাণকাৰ্য খৰতকীয়া কৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰে । সেয়া ২০১৯ চনৰ কথা । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অৱশ্যে ইয়াৰ বাবে প্ৰশংসাৰ পাত্ৰও হৈ পৰিল ৷
আজি মুকলি হ'ল আটকধুনীয়া মাধৱদেৱ কলাক্ষেত্ৰ ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই উদঘাটন কৰিলে কলাক্ষেত্ৰখনৰ দ্বাৰ । এসময়ৰ নিৰ্বাচনী ইছ্যুৱে এতিয়া বিহপুৰীয়া সমষ্টিবাসীৰ সপোনক সাকাৰ ৰূপ দিয়াৰ পাচত সকলোৰে মুখে-মুখে এতিয়া এটাই কথা- "প্ৰতিশ্ৰুতি এনেকুৱাই হ'ব লাগে ৷"