বৰাক উপত্যকাৰ প্ৰথমখন তাৰকাযুক্ত হোটেল মুুুুুকলিৰ বাবে সাজু



 শিলচৰৰ বিখ্যাত বৰাইল ভিউ ৰিজেঞ্চী নতুন ৰূপত মুকলিৰ বাবে সাজু হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এই চাৰি তাৰকাযুক্ত হোটেলখনৰ আনুষ্ঠানিক মুকলি হ’ব ১৪ মে’ত । মুকলি কৰিব প্ৰখ্যাত অভিনেত্ৰী ৰাইমা সেন আৰু ৰিয়া সেনে । উদ্ধোধনী অনুষ্ঠানৰ আন এক অতিৰিক্ত আকৰ্ষণ হ’ব মণিপুৰী বেণ্ড, ৰাজস্থানী লোকসংগীত আৰু অসমীয়া লোকনৃত্য ।


শিলচৰ পাৰ্ক ৰোডৰ বৰাইল ভিউ ৰিজেঞ্চীৰ নতুন স্বত্বাধিকাৰী হৈছে ভৱিয়া গ্ৰুপ আৰু ক্ৰিয়েটিভ গ্ৰুপ । স্বত্বাধিকাৰীৰ দাবী- বৰাকৰ হোটেল ব্যৱসায়ত এক নতুন অধ্যায় আৰম্ভ হ'বলৈ ওলাইছে । বৰাইল ভিউ ৰিজেঞ্চী উপত্যকাটোৰ প্ৰথমখন চাৰি তাৰকাযুক্ত হোটেল । হোটেলখনে গ্ৰাহকক উন্নত মানৰ খাদ্য আৰু অন্যান্য সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত সদায় সতৰ্ক থাকিব বুলি তেওঁলোকে কয় ।

তেওঁলোকে আৰু কয় যে হোটেলখনত নিৰামিষ আৰু আমিষ দুয়োবিধ খাদ্যৰে ব্যৱস্থা থাকিব । ইয়াৰ বাবে দুটা সম্পূৰ্ণ পৃথক পাকঘৰৰ ব্যৱস্থা আছে । খাদ্যৰ ভিতৰত থাই, চাইনিজ, ইণ্ডিয়ান, থাই কন্টিনেণ্টেল আৰু আন বহুতো সুস্বাদু খাদ্য থাকিব । আন্তঃৰাষ্ট্ৰীয় সুবিধাৰে ৫১টা আধুনিক কোঠা আছে হোটেলখনত । ইয়াৰ উপৰিও চ্যুইট, ডিলাক্স আৰু ছুপাৰ ডিলাক্স ৰুমো আছে ।

লগতে যিকোনো উন্নত চহৰৰ সমতুল্য আধুনিক স্পা, জিম, চুইমিং পুল, বেংকুৱেট হল আৰু মিলেনিয়াম বাৰৰ ব্যৱস্থা আছে । হোটেল কৰ্তৃপক্ষই জনোৱা মতে, গ্ৰাহক সেৱাৰ পৰা আৰম্ভ কৰি প্ৰতিটো সবিশেষ যত্ন লোৱা হৈছে । হোটেলখনত ১৫০ জন কৰ্মচাৰীৰ ভিতৰত অধিকাংশ দক্ষ কৰ্মচাৰী অনা হৈছে কলকাতাৰ পৰা ।

Post a Comment

Previous Post Next Post