আজি নিশাৰ মাজভাগত শিক্ষা খণ্ডৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ'ব। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেল সম্বোধন কৰি এই ঘোষণ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ১৪ মে'ৰ ভিতৰত সকলো নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিয়ে।
ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিক লৈ বিধায়য়ক অখিল গগৈয়ে উত্থাপন কৰা অভাৰলেপিং প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বিধায়ক গগৈৰ নাম নোলোৱাকৈ কয়– ''অভাৰলেপিং বজাৰত ওলোৱা এটা শব্দ। এতিয়াই আমি কেনেকৈ ক'ম অভাৰলেপিং হৈছে বুলি? চাকৰিত যোগ নিদিয়ালৈ কেনেকৈ ক'ম? এক লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'লে এখন ডিৰেক্টৰী প্ৰস্তুত কৰিম৷ তাত কোনে কোনে নিযুক্তি পালে সকলো তথ্য থাকিব।''
মুখ্যমন্ত্ৰীয়ে লগতে জুলাই মাহত আৰু দহ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিব বুলি ঘোষণা কৰে সংবাদমেলত। মুখ্যমন্ত্ৰীয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে চৰকাৰী চাকৰিৰ তালিকাত ৱেটিং লিষ্ট বোলা কোনো কথা নাই। তৰুণ গগৈ চৰকাৰৰ দিনত ২০০৫ চনত Asaam FRBN Act পাছ হৈছিল, যাৰ বাবে নিযুক্তিৰ ক্ষেত্ৰত ৱেটিং লিষ্ট থাকিব নোৱাৰিব। এইক্ষেত্ৰত যিয়ে ৱেটিং লিষ্ট ৰাখিব, তেওঁৰ ন্যূনতম তিনি বছৰ জেল হ'ব।উল্লেখ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ সংবাদমেলতে গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বাবে ব্যস্ত থাকিব লগা হোৱাত নিযুক্তি পত্ৰ বিতৰণৰ তাৰিখ ২৬ মে'লৈ পিছুৱাই দিয়া বুলি প্ৰকাশ কৰে। ১১ মেৰ পৰিৱৰ্তে গৃহমন্ত্ৰীয়ে ২৬ মে'ত নিযুক্তি পত্ৰ বিতৰণ কৰিব।
