৪৩০ বছৰৰো অধিক পুৰণি আহোম ৰাজত্ব কালৰ এজোপা গছ ...



 ৪৩০-৪৪০ বছৰৰো অধিক পুৰণি এজোপা প্ৰকাণ্ড গছত ফুলিছে ফুল । গছত গুটি লগা, ফুলাটো এক স্বাভাৱিক প্ৰক্ৰিয়া । পিছে এইজোপা গছৰ আছে ব্যতিক্ৰমী বিশেষত্ব । গছজোপাত কোনো দিন লগা নাই গুটি । তদুপৰি সকলোকে আচৰিত কৰি ৩৫ বছৰৰ মূৰত এইবাৰ ফুলিছে ফুল । কিন্তু নাম কি এই গছৰ ? আছে ক'ত ?


হয়, নাম কেন্দু গছ । অসমৰ বনাঞ্চলত কেৱল এজোপাই কেন্দু গছ আছে । সেয়া হল শিৱসাগৰ বেতবাৰী মৌজাৰ কেন্দুগুৰিত অৱস্থিত কেন্দু গছজোপা । অসমৰ আন কোনো ঠাইত নাই কেন্দু গছ ।‌ ৪ শতাধিক বছৰ অতিক্ৰম কৰা গছজোপাত বিগত ৩৫ বছৰে ফুল ফুলা নাছিল যদিও এইবাৰ ফুলিছে । হয়, এই ব্যতিক্ৰমী আৰু বহু পুৰণি গছ জোপাৰ গুটি নালাগিলেও অতীজৰে পৰা ফুল ফুলা প্ৰত্যক্ষ কৰি আহিছিল স্থানীয় লোকে । কিন্তু যোৱা ৩৫ বছৰে ফুলা নাছিল ।‌ এইবাৰ ফুলিছে ।

শিৱসাগৰ কেন্দুগুৰিৰ বাহিৰে অসমৰ আন ঠাইত নথকা এই কেন্দু গছ জোপাৰো আছে ঐতিহাসিক গুৰুত্ব । বুৰঞ্জীবিদ তথা নেমুগুৰি কলেজৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° জিতেন বৰপাত্ৰগোঁহাইয়ে সদৰী কৰা মতে স্বৰ্গদেউ চুখাম্ফা খুৰা ৰজাৰ ৰাজত্ব কালত বলিয়া বৰপাত্ৰগোঁহাইয়ে ৰোপন কৰিছিল এই কেন্দুগছ । ঠাৱৰ কৰা হৈছে যে উৰিষ্যাৰ বনাঞ্চলত উপলব্ধ হোৱা হেতুকে উৰিষ্যাৰ পৰাই আনি কেন্দুগুৰিত ৰোপন কৰিছিল " কেন্দু গছ । "কেন্দু গছ জোপাৰ নামৰেই ঠাইখনৰো নাম কেন্দুগুৰি হোৱা বুলি সদৰী কৰিছে ড° জীতেন বৰপাত্ৰগোঁহাইয়ে । উল্লেখ্য যে কেন্দুগছ জোপাৰ আশে পাশে আহোম ৰাজত্ব কালৰ বহু কীৰ্তিচিহ্ন সিঁচৰতি হৈ আছে । কেন্দুগছ জোপাৰ পৰা এক কিলোমিটাৰ নিলগৰ খাটপথাৰত আছে আহোম ৰাজত্ব কালৰ সাতটা মৈদাম । আছে ঐতিহাসিক বাঁহগড় । আছে দুই কিলোমিটাৰ নিলগত তামুলী পুখুৰী ।

ইয়াৰ উপৰিও কেন্দুগছ জোপাৰ পৰা কিছু নিলগৰ দিচাং নদীৰ সমীপত আছে ঐতিহাসিক বৰপাত্ৰ দ'ল আৰু পুখুৰী । এক কথাত সমগ্ৰ বেতবাৰী মৌজাতে ঠাহ খাই আছে আহোম ৰাজত্ব কালৰ সম্পদে । ইয়াৰ ভিতৰত অন্যতম কেন্দুগছ জোপা পূৰ্বতে মাটিৰ পৰাই দুই ফালে ফেৰ মেলি বিশালকায় ৰূপ লৈ আছিল । কিন্তু বিভিন্ন সময়ত মানুহৰ আক্ৰমণত গছ জোপাৰ ক্ষতি হৈ আহিছে । ১৯৮৩ চনত গছ জোপাৰ এটা বৃহৎ ডাল মথাউৰিৰ ফালে হাউলি যোৱা বাবে কাটি পেলাবলগীয়া হৈছিল ।

সেইদৰে বিদ্যুতৰ তাঁৰ মাথাউৰিৰ ওপৰেৰে নিয়াৰ সময়তো গছ জোপাৰ কিছু ডাল কাটিছিল । এই কথা জনাইছে বুৰঞ্জীৰ পম খেদি আহোম ৰাজত্ব কালৰ বিভিন্ন তথ্য উদ্ঘাটন, চৰ্চা কৰি অহা ড° জীতেন বৰপাত্ৰগোঁহাইয়ে । কিন্তু পৰিতাপৰ বিষয় যে আহোম ৰাজত্ব কালৰ স্বাক্ষৰ বহন কৰা কেন্দুগছজোপা আজি পৰ্যন্ত সঠিক সংৰক্ষণ নহ'ল । শিৱসাগৰ বকতা মৌজাত থকা ৫০০ বছৰ পুৰণি বাখৰ বেঙেনা গছৰ দৰেই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে কেন্দুগছ জোপা সংৰক্ষণ আৰু শোভা বৰ্ধনৰ বাবে পদক্ষেপ ল'ব পৰা থল আছিল যদিও আজি পৰ্যন্ত তেনে নহ'ল ।

অসম প্ৰত্নতাত্বিক বিভাগে কেন্দুগছ জোপা নিজৰ অধীনত ল'লে যদিও আজি পৰ্যন্ত এখন নামফলকৰ ব্যৱস্থাও নকৰিলে । নাই চাৰিসীমাৰ বেৰা । অনাগত দিনত এই কেন্দুগছৰ সঠিক সংৰক্ষণৰ পদক্ষেপ ল'ব নে চৰকাৰ প্ৰশাসনে ? এই প্ৰশ্ন সচেতন ৰাইজৰ ।‌

Post a Comment

Previous Post Next Post