বকো আৰক্ষীয়ে চেলোসূতী চ'কৰ এখন ফাৰ্মাচীত নিষিদ্ধ কফ চিৰাপ আৰু ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায়। এই অভিযানত চেলোসূতী চকৰ মইদুল ইছলাম নামৰ লোক এজনৰ এখন নামবিহীন ফাৰ্মাচীৰ পৰা বকো আৰক্ষীয়ে ২৪ টা নিষিদ্ধ কফ চিৰাপ, ৩ টা হেৰ'ইনভৰ্তি কণ্টেইনাৰ, ২১ টা খালী কণ্টেইনাৰ, ২ টা খালী নিষিদ্ধ কফ ছিৰাপ ক'ড এক্সৰ বটল আৰু ৫ টা ডিস্পোজেল চিৰিঞ্জৰ পেকেট জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, বকো আৰক্ষীয়ে ফাৰ্মাচীখন ছীল কৰাৰ লগতে স্বতাধিকাৰী মইদুল ইছলামক গ্ৰেপ্তাৰ কৰে। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথ, উপ-পৰিদৰ্শক অপূৰ্ব কলিতা, ছমৰীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুলী দাসৰ নেতৃত্বত ফাৰ্মাচীখনত এই অভিযান চলোৱা হৈছিল।
