MrJazsohanisharma

ডিজিটেল লেনদেন কৰোতে সাৱধান ! প্ৰেংক পেমেন্ট এপৰ জৰিয়তে প্ৰৱঞ্চিত হ’ব পাৰে আপুনিও

 


অনলাইনত ধনৰ লেনদেন কৰোতে ব্যৱহাৰকাৰী অধিক সাৱধান হোৱাৰ প্ৰয়োজন। বৰ্তমান ডিজিটেল লেনদেনত প্ৰৱঞ্চনা কৰিবলৈ ন ন কৌশল ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। যোৰহাটত শেহতীয়াকৈ Prank Payment App ব্যৱহাৰ কৰি এগৰাকী ব্যৱসায়ীক ঠগিবলৈ গৈ এজন যুৱক ধৰা পৰে।


Prank Payment হৈছে এনে এক এপ্লিকেচন যাৰ জৰিয়তে PAYTM আদিৰ দ্বাৰা ভুৱাকৈ ধন পৰিশোধ কৰা দেখুৱাব পৰা যায়। এই Appটোত ধনৰ লেনদেন সম্পাদন কৰাৰ এটা ভুৱা মেছেজৰ সৃষ্টি হয় যাৰ দ্বাৰা ব্যৱসায়ীসকলক প্ৰৱঞ্চনা কৰে দুৰ্বৃত্তই। যোৰহাট নগৰৰ কে বি ৰোডৰ মমী শইকীয়া নামৰ ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীক কেইদিনমান পূৰ্বে এই কৌশল ব্যৱহাৰ কৰি দুজন যুৱকে প্ৰৱঞ্চনা কৰিছিল। সোমবাৰে নিশাও উক্ত যুৱক দুজনে পুনৰ তেওঁলোকৰ এজন বন্ধুৰ দ্বাৰা Prank Paytm ব্যৱহাৰ কৰি এই ব্যৱসায়ীগৰাকীক প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা কৰোতে হাতেলোতে ধৰা পৰে ।

Prank Paymentৰ জৰিয়তে ধন পৰিশোধ কৰাৰ ভুৱা মেছেজ ব্যৱসায়ীসকলক দেখুওৱাৰ সমান্তৰালকৈ তেওঁৰ মোবাইল নম্বৰলৈ আন এটা মেছেজো প্ৰেৰণ কৰে এই দুষ্কৃতিকাৰী যুৱকসকলে। যিটো ভুৱা মেছেজত ব্যৱসায়ীগৰাকীৰ বেংক একাউন্টত ধন জমা হোৱাৰ কথা উল্লেখ থাকে। দুষ্কৃতিকাৰীয়ে অতি কৌশলেৰে Prank Paytmৰ দ্বাৰা প্ৰৱঞ্চনা কৰে। ইয়াৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীসকলক লক্ষ্য কৰি লয়।


ইতিমধ্যে ধৃত যুৱকজনক স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়ে। অনলাইন লেনদেনত প্ৰৱঞ্চনা কৰাৰ এনে ন ন কৌশলে বহুতকে সচকিত কৰি তুলিছে। কেইদিনমান পূৰ্বে গুগুল পে' কৰিবলৈ গৈ অনলাইন প্ৰৱঞ্চক চক্ৰৰ জালত ভৰি দি ২ লাখ ১৯ হাজাৰ টকা হেৰুৱাইছিল যোৰহাট নগৰৰ এগৰাকী মহিলাই। গতিকে ধনৰ ডিজিটেল লেনদেন কৰাৰ পূৰ্বে সকলোৱে অধিক সচেতন হোৱাৰ প্ৰয়োজন।

Post a Comment

Previous Post Next Post