১৪টা ম’বাইল এপ নিষিদ্ধ কৰিলে ভাৰতে, কি কি এপ নিষিদ্ধ হ’ল?



 সন্ত্ৰাসবাদী কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ। জম্মু আৰু কাশ্মীৰত নিষিদ্ধ কৰা হ’ল অন্তত ১৪টা ম’বাইল এপ। চোৰাংচোৱাৰ দাবী, গ্ৰাউণ্ড ৱৰ্কাৰসকলৰ সৈতে যোগাযোগ ৰখাৰ বাবে এইবোৰ ম’বাইল এপ্লিকেচন ব্যৱহাৰ কৰিছিল বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে। আনকি, পাকিস্তানত থকা সন্ত্ৰাসবাদী নেতাসকলৰ পৰাও এইবোৰ এপৰ মাধ্যমৰ জৰিয়তে নিৰ্দেশ আহিছিল বুলি জনা গৈছে।


নিষিদ্ধ এপবোৰৰ মাজত আছে Crypviser, Enigma, Safeswiss, Wickrme, Mediafire, Briar, BChat, Nandbox, Conion, IMO, Element, Second Line, Zangi আৰু Threema।

এজন বিষয়াই এএনআইক জনায়, সন্ত্ৰাসবাদী সংগঠনবোৰে অভাৰগ্ৰাউণ্ড ৱৰ্কাৰসকলৰ সৈতে যোগাযোগ ৰাখিবৰ বাবে এই চেনেলবোৰৰ ওপৰত নজৰ ৰাখিছিল, নিৰ্দেশ ট্ৰেক কৰা নিৰ্দিষ্ট সময়ো আছিল।

সূত্ৰৰ খবৰ, এই সকলোবোৰ এপ সম্পৰ্কে বহু পূৰ্বৰে পৰা ৰিপ’ৰ্ট কৰিছিল চোৰাংচোৱাই। এই ধৰণৰ এপবোৰে ভাৰতীয় আইন লংঘন কৰিছিল বুলি অভিযোগ। তথ্য প্ৰযুক্তি, ২০০০ৰ ৬৯এ ধাৰা অনুসৰি এই সকলোবোৰ এপ নিষিদ্ধ কৰা হৈছে বুলি কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে।

বিগত কেইবাবছৰ ধৰি, চৰকাৰে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ যোগাযোগ নেটৱৰ্ক সমূলি ধ্বংস কৰাৰ চেষ্টা চলাইছে। যিবোৰ এপ ব্লক কৰা হৈছে, সেইবোৰৰ বিভিন্ন দেশত ছাৰ্ভাৰ আছে, সেইবাবে সেইবোৰ ট্ৰেছ কৰা কঠিন হৈ পৰে। ইয়াৰ উপৰি, হেভী এনক্ৰিপচনৰ বাবে এই এপসমূহ ব্লক কৰাৰ কোনো উপায় নাই।

Post a Comment

Previous Post Next Post