বহিঃৰাজ্যৰ পৰা আমদানিকৃত মাছত ফৰ্মেলিন ব্যৱহাৰৰ তথ্য লাভৰ পাচতে সলনি হৈছে অসমৰ মাছৰ বজাৰ ৷ বিষাক্ত ৰাসায়নিক দ্ৰব্য ফৰ্মেলিন ব্যৱহাৰ কৰি বহুদিনলৈ মাছসমূহ ভালে ৰখাৰ কৌশলৰ খবৰ বিয়পি পৰাৰ পাচতে চালানি মাছৰ প্ৰতি বিকৰ্ষিত হৈছে ৰাজ্যবাসী ৷
ফলস্বৰূপে থলুৱা মাছৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পোৱা দেখা গৈছে ৷ থলুৱা মাছৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বৃহৎ তাৰতম্য দেখা গৈছে দামৰ ক্ষেত্ৰত । চাহিদা অনুসৰি থলুৱা মাছ সুলভ নোহোৱাত এই তাৰতম্য অধিক হোৱা দেখা গৈছে ৷ বহু মৎস্য ব্যৱসায়ীয়ে ইচ্ছা অনুসৰি থলুৱা মাছৰ দামবৃদ্ধি কৰাৰ অভিযোগো উত্থাপিত হৈছে ৷
ৰাজ্যৰ ভিন্ন ঠাইৰ দৰে তেজপুৰতো অভাৱনীয়ভাৱে বৃদ্ধি পাইছে থলুৱা মাছৰ দাম ৷ সকলো থলুৱা মাছৰে দাম প্ৰতি কিল'গ্ৰামত ১৫০ টকাৰ পৰা ২০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে ৷ যাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে গ্ৰাহকসকল ৷ ফলত দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ আহ্বান জনাইছে গ্ৰাহকসকলে ৷
