আৰক্ষী উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ খবৰে ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ সমান্তৰালভাৱে এই মৃত্যুক লৈ উদয় হৈছিল ভিন্ন প্ৰশ্ন। এয়া আত্মহনন নে হত্যাকাণ্ড সেই সন্দৰ্ভতো উঠিছিল প্ৰশ্ন।
এনে পৰিপ্ৰেক্ষিতত আজি আৰক্ষী সঞ্চালকপ্ৰধানে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ বিষয়টো তদন্তৰ বাবে চি আই ডিক দায়িত্ব অৰ্পণ কৰে।
আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইটযোগে এই বিষয়ে উল্লেখ কৰে। জি পি সিঙে লগতে উল্লেখ কৰে যে ১৫ মে'ত উত্তৰ লখিমপুৰ আৰক্ষী থানাত এখন এজাহাৰ (FIR Nu 0183/2023) মৰ্মে ভাৰতীয় দণ্ডবিধিৰ u/s 120-B, 395,397,342,387 ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছিল, য'ত অভিযুক্ত ৰূপে জোনমণি ৰাভাৰ নামো আছিল। ইয়াৰ অধীনত লখিমপুৰ আৰু নগাঁও আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰে।কিন্তু ইয়াৰ মাজতে ১৬ মে’ৰ পুৱাৰ ভাগত এছ আই জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ তথ্য লাভ কৰা হয়। সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা ন্যায্য তদন্তৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত এফ আই আৰ নং ০১৮৩/২০২৩ আৰু উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি আই ডি অসমলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
