নিশা আৰক্ষীয়ে তালাচী চলাইছিল জোনমণি ৰাভাৰ ঘৰত! নগদ ধন জব্দ কৰিছিল আৰক্ষীয়ে। এই অভিযোগ জোনমণি ৰাভাৰ মাতৃৰ। কন্যাৰ মৃত্যুৰ শোকত ভাগি পৰা জোনমণিৰ মাতৃয়ে কান্দি কান্দি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে কেতবোৰ তথ্য।
সংবাদ মাধ্যমৰ আগত জোনমণিৰ মাতৃয়ে কান্দি কান্দি কয়, ‘‘মই ৰাতি ফোন কৰিছো ফোনটো নুঠাই। মই ভাবিছো কাম কৰি আছে। অলপ পিছত কৰিব বুলি ভাবি আছো। মই মেইন ৰাস্তালৈ আহিছো চাবলৈ। ৰাতভৰ শোৱা নাই মই। তাৰ পিছত ৰাতি ২–৩টা মান বজাত ছাৰ–বাইদেউ গৈছে, ঘৰত কিবাকিবি কৰিছে। মোৰ হাঁহ–কুকুৰা, গাহৰি–ছাগলী বিক্ৰী কৰা পইচা লৈ আছিল, সেইটোকো লৈ আনিছে। জোনমণিৰ দাদাকক মেডিকেলত দেখুৱাম বুলি জমা কৰি থৈছিল আৰু কেচৰ তাৰিখ আছিল, সেইবিলাক সব লৈ আহিছে বাইদেউ আৰু ছাৰে। এছ পি বাইদেউ আৰু ডি এছ পি ছাৰে। মোৰ ছোৱালী আৰু নাই, কেতিয়াবাই গম পাইছে বোধহয় সিঁহতে। মই ফোন কৰি আছো নাপাওঁহে নাপাওঁ। মোক চাকৰি নালাগে, মোৰ জোনটোক লাগে।’’
উল্লেখযোগ্য যে নিশা এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছিল এছ আই জোনমণি ৰাভাই। কণ্টেইনাৰ ট্ৰাকৰ সৈতে জোনমণিৰ বাহনৰ সংঘৰ্ষত থিতাতে মৃত্যু হৈছিল আৰক্ষী বিষয়াগৰাকীৰ।
Tags:
National
