আজি ডিগবৈত অনুষ্ঠিত হ’ব অসমৰ উপায়ুক্তসকলৰ বিশেষ বৈঠক। আই অ’ চিৰ অতিথি গৃহ CTAত এখন আৰু ডিগবৈ ক্লাবৰ সভাকক্ষত আন এখন বৈঠক অনুষ্ঠিত হ’ব। দুয়োখন বৈঠক পৃথকে পৃথকে পুৱা দহ বজাৰ পৰা আৰম্ভ হ’ব।
CTAৰ বৈঠকত এজন অতিৰিক্ত মুখ্য সচিবসহ মন্ত্ৰী কেশৱ মহন্ত আৰু ডিগবৈ ক্লাবত অনুষ্ঠিত বৈঠকত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত থাকিব।অহা ১৬ আৰু ১৭ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তিনিচুকীয়াত অনুষ্ঠিত হ’বলগীয়া অসম উপায়ুক্ত সকলৰ বৈঠকৰ ৰূপৰেখা প্ৰস্তুত কৰা হ’ব এই দুখন বৈঠকত।
