স্বাস্থ্য শিবিৰত দিয়া টেবলেট খাই অসুস্থ গুৱাহাটীৰ গণেশ মন্দিৰ উঃমাঃ বিদ্যালয়ৰ শিক্ষাৰ্থী

 


গুৱাহাটীৰ গণেশ মন্দিৰ উঃমাঃ বিদ্যালয়ত অঘটন। স্বাস্থ্য শিবিৰত দিয়া টেবলেট খায় অসুস্থ হয় কেইবাগৰাকীও শিক্ষাৰ্থী। তথ্য অনুসৰি, আইৰন আৰু ফলিক এচিডৰ টেবলেট খোৱাৰ ফলত অসুস্থ হয় শিক্ষাৰ্থীসকল।


শিক্ষাৰ্থীকেইগৰাকী এজনৰ পিছত আনজনকৈ পেটৰ বিষত আক্ৰান্ত হোৱাত আটাইকেইগৰাকীক দিছপুৰৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য, স্কুলখনত অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰত এই ঔষধ সেৱন কৰিবলৈ দিয়া হৈছিল।


Post a Comment

Previous Post Next Post