টীয়কৰ লাহিং অঞ্চলক হস্ততাঁত বস্ত্ৰশিল্পৰ ক্লাষ্টাৰ হিচাপে গঢ়াৰ লক্ষ্যৰে ব্যতিক্ৰমী পদক্ষেপ


 

টীয়কৰ লাহিং বালিজনীয়াৰ সামূহিক সুবিধা(ফেচিলেচন) কেন্দ্ৰত বৃহস্পতিবাৰে প্ৰশিক্ষণৰত শিপিনীসকলক মানপত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায় । মহিলা সকলক উৎপাদনমুখী কামত নিয়োজিত কৰি আৰ্থিকভাৱে টনকিয়াল কৰাৰ উদ্দেশ্যেৰে HDFC বেংক, অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান আৰু দিল্লীস্থ প্ৰতিষ্ঠান গ্ৰাণ্ট throntonৰ যুটীয়া সহযোগত অসমৰ কামৰূপ (গ্ৰাম্য),নলবাৰী আৰু গোলাঘাটৰ লগতে যোৰহাট জিলাত শিপিনীসকলক উন্নত তাঁতশালত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে কৃষি, শিক্ষা আদিৰ দিশত বিশেষ সহযোগিতা আগবঢ়াই অহা হৈছে ।


সেই উদ্দেশ্যেৰে শুক্ৰবাৰে যোৰহাট জিলাৰ টীয়কৰ লাহিং বালিজনীয়াত অনুষ্ঠিত এক অনুষ্ঠানত মহুৰা উৎপাদন গোটৰ যোগেদি প্ৰশিক্ষণপ্ৰাপ্ত ৬৫ গৰাকী শিপিনীক আনুষ্ঠানিক ভাৱে মানপত্ৰ প্ৰদান কৰা হয় । এই অনুষ্ঠানত HDFC বেংকৰ মুম্বাইস্থিত কাৰ্যালয় আৰু অসম গ্ৰামীণ জীৱিকা অভিযান আৰু গ্ৰাণ্ট থ্ৰঞ্চনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

সমগ্ৰ লাহিং অঞ্চলটো যাতে হস্ততাঁত বস্ত্ৰ শিল্পৰ ক্লাষ্টাৰ হিচাপে গঢ়ি তুলিব পাৰি সেই উদ্দেশ্যেৰে কমেও ৫০০ শিপিনীক প্ৰশিক্ষণ প্ৰদান কৰি এই লক্ষ্য পূৰণৰ পৰিকল্পনা কৰা হৈছে ।

Post a Comment

Previous Post Next Post