বিহামপুৰত প্ৰেৰণা পুথিভঁৰালৰ তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন



 নলবাৰী জিলাৰ বিহামপুৰত প্ৰেৰণা পুথিভঁৰালৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদ্‌যাপন কৰা হয় । পুৱা প্ৰেৰণা পুথিভঁৰালৰ পতাকা উত্তোলন কৰে প্ৰেৰণা পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই ।


ইয়াৰ লগতে তৃতীয় বাৰ্ষিক ৰঙালী বিহুৰ তিনিখন পতাকা উত্তোলন কৰে প্ৰেৰণা পুথিভঁৰালৰ পৰিচালক হিমাদ্ৰী মেধি,মামণি দেৱী আৰু সুশীল মালাকৰে ।ইয়াৰ পিছতেই নলবাৰীৰ বিশিষ্ট পৰিৱেশকৰ্মী ভূপেন কুমাৰ দাসে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । আবেলিৰ ভাগত বিমল কুমাৰ শৰ্মাৰ দ্বাৰা পৰিচালিত বিহুবিষয়ক লিখিত কুইজ প্ৰতিযোগিতাত অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিযোগিতাত নিম্ন শাখা আৰু মধ্য শাখাত প্ৰথম স্থান অধিকাৰ কৰে ক্ৰমে তৃষাংগী তালুকদাৰ আৰু অভিনৱ নাৰায়ণ শৰ্মাই । আনহাতে উচ্চ শাখাত প্ৰথম স্থান লাভ কৰে যুটীয়া ভাবে তৰালী শৰ্মা আৰু চন্দন দাসে । বিয়লি দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা সভাত বৰভাগ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ আধ্যাপক ড° ধনেশ্বৰ বৈশ্যই " সাংস্কৃতিক উৎসৱ বনাম ধৰ্মীয় উৎসৱ: প্ৰসংগ ৰঙালী বিহু" শীৰ্ষক সাৱলীল ভাষণ প্ৰদান কৰে । ইয়াৰ লগতে বিশ্বায়নী সংস্কৃতি আৰু বিহুলৈ অহা পৰিৱৰ্তন বিষয়ত ভাষণ দিয়ে কিশোৰ শৰ্মাই ।

আনহাতে ড° সৰলাশীল কলিতাই বিহুগীতত অসমৰ নিম্নবৰ্গীয় চেতনা সন্দৰ্ভত তথ্যপূৰ্ণ ভাষণ প্ৰদান কৰে ।শতাধিক ৰাইজ উপস্থিত থকা আলোচনা সভাত পৰিপূৰক আলোচনা আগবঢ়ায় তিলক শৰ্মা, দ্বীপেন ডেকা, নূৰ ইছলাম আলী, কবীন্দ্ৰ কুমাৰ ডেকা আৰু বীৰেন বৰকটকীয়ে ।

আলোচনা সভাৰ অন্তত অনুষ্ঠিত বিহুনাচ,বিহুগীত আৰু বটাঁ বিতৰণী অনুষ্ঠানত গীত পৰিৱেশন কৰে কৃত্তিকা দত্ত, কৃষ্টিনা দত্ত, সৃষ্টি ভৰষা ডেকা, হীৰকজ্যোতি তামুলী, ব্ৰজেন বৈশ্য আৰু শুভাংগম শৰ্মাই । বিহুনাচ প্ৰদৰ্শন কৰে কৃষ্টি বৰুৱা, তৃষাংগী তালুকদাৰ, ধৃতিস্মিতা ভট্টাচাৰ্য, হিমাদ্ৰি মালাকৰ, হিমাশ্ৰী বৰুৱা আৰু তৃষ্ণা দেৱীয়ে । বিশেষকৈ শুভাংগম শৰ্মাই নিজে ঢোল বজাই গোৱা বিহুগীত আৰু অংকুৰ বৰ্মনৰ ঢোলবাদনে সকলোকে আপ্লুত কৰে ।

Post a Comment

Previous Post Next Post