তেওঁৰ পিতৃয়ে এতিয়াও ঘৰে ঘৰে গেছ চিলিণ্ডাৰ সৰবৰাহ কৰে। পুত্ৰই পিতৃক এই কাম এৰিবলৈ কৈছে, কিন্তু ৰিংকু সিঙৰ পিতৃ এই কাম এৰিবলৈ ৰাজি নহয়।গুজৰাট টাইটাইনছৰ বিৰুদ্ধে অন্তিম পাঁচটা বলত পাঁচটা ছয়। ৰিংকু সিং এতিয়া হট টপিক। কিন্তু তেওঁৰ ঘৰৰ অৱস্থা সলনি হোৱা নাই। পুত্ৰ এতিয়া তাৰকা। কিন্তু পিতৃ–মাতৃ এতিয়াও আগৰ দৰেই আছে।ৰিংকু সিঙৰ পিতৃয়ে পুত্ৰই ক্ৰিকেট খেলাটো বিচৰা নাছিল। কিন্তু তেওঁৰ মাতৃয়ে সমৰ্থন কৰিছিল। প্ৰথমবাৰ ৰিংকুৱে যেতিয়া কাণপুৰত এখন টুৰ্ণামেণ্ট খেলিবলৈ গৈছিল, তেতিয়া মাতৃয়ে প্ৰতিৱেশীৰ পৰা ১০০০ টকা ধাৰ কৰি আনি দিছিল।বহুতেই ভাবে, ৰিংকু সিঙে মাহত কিমান টকা উপাৰ্জন কৰে এতিয়া! ৰিংকুক ২০১৭ৰ আইপিএলত দলত লৈছিল পঞ্জাব কিংছে ১০ লাখ টকাত।
২০১৮ চনত কেকেআৰে ৰিংকুক দলত লৈছিল ৮০ লাখ টকাত। ৰিংকুৱে সেই টকা পাই ঘৰ নিৰ্মাণ কৰিছিল। পিতৃক এখন গাড়ী কিনি দিছিল। পৰিয়ালৰ কিছু ধাৰ আছিল, সেয়া পৰিশোধ কৰিছিল।২০২২ৰ নিলামত কেকেআৰে ৰিংকুক লয় ৫৫ লাখ টকাত। অৰ্থাৎ পূৰ্বতকৈ কম টকাত লৈছিল নাইট ৰাইডাৰ্ছে।
এতিয়া মাহত পাঁচৰ পৰা ছয় লাখ টকা উপাৰ্জন কৰে ৰিংকুৱে। কিন্তু তেওঁৰ উপাৰ্জন বাঢ়িব। কাৰণ শীঘ্ৰে ৰিংকুক হয়তো দেখা যাব বিজ্ঞাপনত।