অপেক্ষা বহুত হ’ল... কন্যা ভামিকাৰ সৈতে ফটো পোষ্ট কৰিলে বিৰাট কোহলীয়ে!


 

কন্যাৰ মুখ ছচিয়েল মিডিয়াত নেদেখুৱাব। এই আহ্বান জনাইছিল অনুষ্কা শৰ্মাই। তেওঁ সাংবাদিকসকলকো অনুৰোধ জনাইছিল, যেন ভামিকাৰ ফটো তোলা নহয়!

যদিও বিৰাট আৰু অনুষ্কাই কন্যাক লগত লৈ বহু ছবি ছচিয়েল মিডিয়াত পোষ্ট কৰিছে, কিন্তু কোনো ফটোতে কন্যাৰ মুখ দেখুওৱা নাই।এইবাৰ পুনৰ কন্যা ভামিকাৰ সৈতে ফটো পোষ্ট কৰিলে বিৰাট কোহলীয়ে। কিন্তু এইবাৰো তেওঁ কন্যাৰ মুখ নেদেখুৱালে।অনুষ্কাই অনুৰোধ জনাইছিল, ছচিয়েল মিডিয়াত যাতে তেওঁলোকে কন্যাৰ ফটো পোষ্ট নকৰে। ডাঙৰ হৈ ভামিকাই নিজেই ঠিক কৰিব, ছচিয়েল মিডিয়াত এক্টিভ থাকিব নে নাথাকে।এই ফটোখন শ্বেয়াৰ কৰিছে বিৰাট কোহলীয়ে। এলএছজিৰ বিৰুদ্ধে মেচৰ পিছত কন্যাৰ সৈতে ছুইমিং পুলত সময় কটালে কোহলীয়ে।

Post a Comment

Previous Post Next Post