আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ নতুন স্বাস্থ্য গৱেষণা সংস্থাৰ উপদেষ্টা পদত নিযুক্তি লাভ কৰিছে অসমৰ যোৰহাটৰ ড০ ৰূপম জ্যোতি শৰ্মাই। ড০ ৰূপম জ্যোতি শৰ্মা আমেৰিকাৰ হোৱাইট হাউছৰ ইনোভেছন ফেলো হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া।
ড০ ৰূপম জ্যোতি শৰ্মা হোৱাইট হাউছ প্ৰেছিডেন্সীয়েল ইনোভেচন ফেলো আৰু স্বাস্থ্য গৱেষণা সংস্থা ARPA (H)ৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে যোগদান কৰাৰ বাবে নিৰ্বাচিত হৈছে।ৱাছিংটন ডি চিত ১০ এপ্ৰিলত এই দায়িত্ব লাভ কৰি পিছত শপত গ্ৰহণ কৰাৰ পিছত ১৪ এপ্ৰিলত হোৱাইট হাউছত আদৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব ৰূপম শৰ্মাই।
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে কেন্সাৰ , এলঝেইমাৰ , ডায়েবেটিছ আৰু অন্যান্য ৰোগৰ নিৰাময় বিচাৰি গঠন কৰিছে এডভান্স ৰিচাৰ্ছ প্ৰজেক্টছ এজেন্সি ফৰ হেল্থ চমুকৈ ARPA (H) নামৰ এই নতুন সংস্থাটো।
ৰূপম শৰ্মাই মূল সংস্থা নেচনেল ইন্সটিটিউট অৱ হেল্থ (NIH)ৰ অধীনত ARPA(H)ৰ মুখ্য তথ্য বিষয়া আৰু প্ৰেছিডেন্সীয়েল জ্যেষ্ঠ উপদেষ্টাৰ ভূমিকাত অংশ গ্ৰহণ কৰিব।
ৰূপম শৰ্মাই মূল সংস্থা নেচনেল ইন্সটিটিউট অৱ হেল্থ (NIH)ৰ অধীনত ARPA(H)ৰ মুখ্য তথ্য বিষয়া আৰু প্ৰেছিডেন্সীয়েল জ্যেষ্ঠ উপদেষ্টাৰ ভূমিকাত অংশ গ্ৰহণ কৰিব।