'৩০ এপ্ৰিলত তেওঁক হত্যা কৰিম': দিন-বাৰ জনাই ছলমান খানলৈ ফোনযোগে পুনৰ হত্যাৰ ভাবুকি



 সোমবাৰে নিশা বলীউডৰ অভিনেতা ছলমান খানে ৰাজস্থানৰ যোধপুৰৰ এজন ‘ৰকি ভাই’ৰ পৰা ফোনযোগে পুনৰ মৃত্যুৰ ভাবুকি লাভ কৰে। খবৰ অনুসৰি, ৰাজস্থানৰ শ্বাহপুৰৰ এজন ১৬ বছৰীয়া যুৱকে এই ফোন কৰে।


আৰক্ষীয়ে শ্বাহপুৰৰ কিশোৰজনক আটক কৰিছে, আৰু অধিক তদন্তৰ বাবে মুম্বাইলৈ লৈ আহিছে। কিয় এই ফোন কৰা হৈছে সেই বিষয়ে জানিবলৈ তেওঁক সোধা-পোছা কৰা হ’ব।

মুম্বাই আৰক্ষীৰ উদ্ধৃতিৰে ANIৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, "কালি পুলিচ কণ্ট্ৰল ৰুমত পোৱা এটা ফোনত ৰাজস্থানৰ যোধপুৰৰ পৰা নিজকে 'ৰকি ভাই' বুলি পৰিচয় দিয়া এজন লোকে ৩০ এপ্ৰিলত অভিনেতা ছলমান খানক হত্যা কৰাৰ ভাবুকি দিছিল। অধিক তদন্ত চলি আছে।"ইয়াৰ কিছু সপ্তাহ পূৰ্বে ছলমান খানে ইমেইলযোগে মৃত্যুৰ ভাবুকি লাভ কৰিছিল যাৰ ফলত তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল। তেওঁ কিনিলে বগা ৰঙৰ নিছান পেট্ৰ’ল, বুলেটপ্ৰুফ ক্ষমতা থকা সাতজনীয়া এছ ইউ ভি।

খবৰ অনুসৰি, ইয়াৰ পূৰ্বে এই ভাবুকি ইমেইলটো প্ৰেৰণ কৰিছিল কুখ্যাত গেংষ্টাৰ গোল্ডি ব্ৰাৰে, যিজন যোৱা বছৰৰ মে’ মাহত পাঞ্জাবী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে।

মুম্বাই আৰক্ষীয়ে অভিনেতাজনক ভাবুকি দিয়াৰ অভিযোগত গোল্ডি ব্ৰাৰ আৰু ৰোহিত ব্ৰাৰৰ সৈতে গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

শেহতীয়াকৈ ছলমান খানে পূৰ্বে লাভ কৰা মৃত্যুৰ ভাবুকিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। সোমবাৰে সন্ধিয়া মুম্বাইৰ জুহুৰ এখন থিয়েটাৰত তেওঁৰ আগন্তুক ছবি ‘কিছি কা ভাই কিচি কি জান’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানতো তেওঁৰ বুলেটপ্ৰুফ গাড়ীৰে উপস্থিত হয়।

Post a Comment

Previous Post Next Post