কামাখ্যা-দিল্লী নৰ্থ-ইষ্ট এক্সপ্ৰেছত গুলীচালনাৰ ঘটনা, ঘটনাত নিহত এজন লোক

 


কামাখ্যা-দিল্লী 12505 নং নৰ্থ ইষ্ট এক্সপ্ৰেছত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। নিউ জলপাইগুৰিত সংঘটিত হৈছে এই ঘটনা।


উল্লেখযোগ্য যে, ৰে'লখনৰ GS- NFLS199316 নম্বৰৰ ডবাত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাত এজন লোক নিহত হৈছে। নিহত লোকজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা নাই। লোকজনৰ কাষত এটা পিষ্টল উদ্ধাৰ হৈছে।এইটো হত্যা নে আত্মহত্যাৰ ঘটনা সেইয়া পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। লোকজনৰ মৃতদেহ নিউ জলপাইগুৰি ষ্টেচনত নমোৱা হৈছে।

Post a Comment

Previous Post Next Post