অসমৰ সত্ৰসমূহৰ ভূমি বেদখলকে ধৰি বিভিন্ন সমস্যাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে চৰকাৰে গঠন কৰি দিয়া অসম সত্ৰ ভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা দলে আজি কামৰূপ জিলাৰ বিভিন্ন সত্ৰসমূহ পৰিদৰ্শন কৰে । আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্রদীপ হাজৰিকাৰ নেতৃত্বত আয়োগৰ কনচালটেন্ট ক্রমে মাধৱ প্ৰসাদ শৰ্মা আৰু অতুল দাসকে ধৰি দলটোৱে চক্ৰ বিষয়া, সত্ৰাধিকাৰ, গাওঁবুঢ়া, অন্যান্য বিষয়া-বৰ্গ সহিতে ছমৰীয়া সত্ৰ, সোণতলী সত্ৰ, মালিবাৰী সত্ৰ, মালছা সত্ৰ আদিত উপস্থিত হৈ সত্ৰসমূহৰ ভূমিৰ জোখ, অৰ্থনৈতিক ব্যৱস্থা আদিৰ বুজ লয় ।
আয়োগৰ অধ্যক্ষ হাজৰিকাই এই পৰিদৰ্শনকালত জিলাখনৰ সত্ৰসমূহৰ ভূমিৰ পূৰ্বৰ আৰু বৰ্তমানৰ মাটি কালিৰ প্ৰকৃত সত্যাসত্য জনাৰ উদ্দেশ্যে পৃথকে পৃথকে সভা অনুষ্ঠিত কৰি জ্যেষ্ঠসকলৰ সৈতে পুংখানুপুংখভাৱে আলোচনাত মিলিত হয় ৷ লগতে সত্ৰসমূহৰ সত্ৰাধিকাৰ তথা সত্ৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়াসকলৰ লগত মত বিনিময় কৰে । বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিষ দাসৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি এই সত্ৰ পৰিদৰ্শন কালত আয়োগেৰ লগত উপস্থিত থাকে । আয়োগৰ অধ্যক্ষয়ে প্ৰত্যেকখন সত্ৰ পৰিদৰ্শনৰ পিছতে সভা অনুষ্ঠিত কৰে আৰু সভাত সকলোকে সমাজ নিয়াৰিকৈ চলোৱাৰ বাবে সত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে আহ্বান জনায় ।
অসমৰ সংস্কৃতি অতিকে চহকী সংস্কৃতি আখ্যা দি অধ্যক্ষ হাজৰিকাই সত্ৰসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা ব্যৱস্থা অসমীয়া কৃষ্টি - সংস্কৃতিৰ বাবে অতিশয় আদৰণীয় বুলি উল্লেখ কৰে আৰু সকলোকে শুদ্ধ তথ্য দিয়াৰ বাবে অনুৰোধ কৰে ।
ইয়াৰ পিছতে বকো পৰিদৰ্শন বঙলাত আয়োগৰ অধ্যক্ষ হাজৰিকাই বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ তথা বিষয়-ববীয়াসকলৰ লগত এখন সমূহীয়া বৈঠক অনুষ্ঠিত কৰি সত্ৰসমূহৰ অভাৱ-অভিযোগৰ বুজ লয় ।উল্লেখযোগ্য যে অসমৰ সত্ৰসমূহৰ ভূমিকে ধৰি বিভিন্ন সমস্যা সম্পর্কে ক্ষেত্রভিত্তিক অধ্যয়ন কৰি প্রতিবেদন দাখিল কৰিবলৈ ২০২১ বৰ্ষৰ ১৭ ডিচেম্বৰত বিধায়ক প্রদীপ হাজৰিকাক কেবিনেট মর্যাদাৰে অধ্যক্ষ হিচাপে আৰু বিধায়কদ্বয় ক্রমে মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰি তিনিজনীয়া সত্ৰ আয়োগখন গঠন কৰি দিয়া হৈছিল । প্ৰথমতে এবছৰৰ বাবে গঠন কৰা আয়োগৰ কাৰ্যকাল যোৱা জানুৱাৰী মাহৰ পৰা আৰু এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে ৷