সেয়া সময় আছিল ৯০ দশকৰ, ৰূপালী পৰ্দাত প্ৰতিখন ছবিয়ে প্ৰাণ পাই উঠিছিল ।নলবাৰীৰ ভাৰতীয় টকীজ নামৰ চিনেমা হলটোলৈ দূৰ-দূৰণিৰ পৰা চাইকেল, মটৰ চাইকেলেৰে আহি ছবি উপভোগ কৰিছিল দৰ্শকে ।
ভাৰতীয় টকীজৰ বাহিৰত গঢ়ি উঠিছিল বিভিন্ন হোটেল, চাহৰ দোকান, গুমটি, চাইকেল ষ্টেণ্ড...। আৰু যে কত' কি ! অতীত ৰোমন্থন কৰিবলৈ গ'লে ৯০ দশকৰ সেই সময়ত ভাৰতীয় টকীজত প্ৰদৰ্শিত হৈছিল আজলী নবৌ, মুনিন বৰুৱাৰ কন্যাদান, হিয়া দিয়া নিয়া, ব্ৰজেন বৰাৰ ৰঙানদীৰ লগতে দুকুৰিৰো অধিক জনপ্ৰিয় অসমীয়া বোলছবি ।
লগতে হিন্দী ছবিতো আছেই ৷ ২০১৭ চনত জুবিন গাৰ্গৰ পৰিচালনাত মুক্তি লাভ কৰা মিছন চাইনাও প্ৰদৰ্শিত হৈছিল নলবাৰীৰ ভাৰতীয় টকীজত । কিন্তু আজি সেই ভৰতীয় টকীজ নিস্প্ৰাণ-নিস্তব্ধ হৈ পৰি ৰৈছে ৷ এতিয়া এটা প্ৰকাণ্ড তলা ওলমিল নলবাৰীৰ অতি পুৰণি চিনেমা হলটোত ।
এককথাত নলবাৰীবাসীৰ আবেগস্বৰূপ হৈ থকা ভাৰতীয় টকীজত এতিয়া আৰু চিনেমা নচলে ৷ চিৰদিনলৈ বন্ধ হৈ গ'ল ভাৰতীয় টকীজ ৷ বিগত সময়চোৱাত কেইবাখনো অসমীয়া বোলছবিয়ে শুভমুক্তি লাভ কৰাৰ পিছতো এটা চিনেমাহলৰ অভাৱত ছবি উপভোগৰ পৰা বঞ্চিত নলবাৰীবাসী । নলবাৰীত এটা উন্নত মানদণ্ডৰ চিনেমা হলৰ প্ৰয়োজনীয়তা অনু্ভৱ কৰিছে প্ৰতিজন নলবৰীয়া ৰাইজে ।