বিশ্বৰ প্ৰতিটো জাতিৰেই আমোদ-প্ৰমোদৰ এক অন্যতম মাধ্যম হ’ল সেই জাতিটোৰ নিজা নিজা খেল-ধেমালিসমূহ । সাধাৰণতে সকলো জাতি-জনগোষ্ঠীৰেই আছে নিজৰ নিজৰ থলুৱা খেল-ধেমালি । অসমৰো সকলো জাতি-জনগোষ্ঠীৰ মাজত অতি প্ৰিয় বহুতো খেল-ধেমালি আছে । অৱসৰ বিনোদন আৰু ৰং-ৰহইচৰ বাবে অসমৰ মানুহে ইতিহাসে ঢুকি নোপোৱা কালৰেপৰা বিভিন্ন খেল-ধেমালি কৰি আহিছে ।
অসমত নিগাজীকৈ বসবাস কৰা বিভিন্ন জাতি-জনজাতিৰ মাজত ভিন্ন নামৰ ভালেসংখ্যক খেল-ধেমালি প্ৰচলিত । আৱহমান কালৰে পৰা প্ৰচলিত হৈ অহা কিছু সংখ্যক খেলে এসময়ত ৰাজ-পৃষ্ঠপোষকতা লাভ কৰিবলৈও সমৰ্থ হৈছিল ৷ ৰাজ্যখনৰ ভিন্ন জাতি-জনগোষ্ঠীৰ আছে নিজা নিজা খেল । কিন্তু সময়ৰ লগে লগে যেন আধুনিকতাৰ ধামখুমীয়াত পৰি এটা এটাকৈ বিলুপ্ত হ'বলৈ আৰম্ভ কৰিছে অসমৰ এই থলুৱা খেলসমূহ ৷ কালৰ বুকুত হেৰাই যাবলৈ ধৰা এই থলুৱা খেলসমূহ সংৰক্ষণৰ চেষ্টাত ব্ৰতী হৈ আছে এই অসমৰে এজন ক্ৰীড়া সাংবাদিক ।
অসমৰ ভিন্ন প্ৰান্তত বাস কৰা ভিন্ন জাতি জনগোষ্ঠীসকলৰ পৰম্পৰাগত খেলসমূহক লৈ ক্ৰীড়া সাংবাদিক চিৰঞ্জীৱ শৰ্মাই এক সপোন দেখিছিল আৰু এতিয়া সেই সপোন বাস্তৱো হৈছে । 'অলিম্পিয়া' নামৰ আলোচনীখনৰ স্বত্বাধিকাৰী চিৰঞ্জীৱ শৰ্মাৰ প্ৰচেষ্টাত গুৱাহাটীৰ ৰাজগড়ত গঢ়ি উঠিছে ৰাজ্যৰ একমাত্ৰ থলুৱা ক্ৰীড়া সংগ্ৰহালয় ।
ৰাজ্যৰ পৰম্পৰাগত খেলসমূহ যেনে- মাৰ্বল খেলা, কড়ি খেল, কাপোৰৰ বল, লাটুম, ৰংঘৰ খেল, বাটলু গুটি, কাগজৰ নাওঁ, ঘিলা, নাওঁ খেল, বাঁহৰ হিলৈ, টাংগুটি আদিকে ধৰি বহু খেলৰ সম্পৰ্কে নৱপ্ৰজন্মই জানিবলৈ সুবিধা পাব সংগ্ৰহালয়টোত । বিগত বৰ্ষৰ অক্টোবৰ মাহত আনুষ্ঠানিকভাৱে মুকলি কৰা এই সংগ্ৰহালয়ে লাভ কৰিছে যথেষ্ট জনপ্ৰিয়তা ।
গুৱাহাটীৰ ৰাজগড় ৰোডৰ ৬ নম্বৰ বাইলেনৰ ১ নং গৃহত আটকধুনীয়াকৈ এই ক্রীড়া সংগ্ৰহালয়টো গঢ়ি তোলা হৈছে । অসমৰ ক্ৰীড়া আৰু সমাজ জীৱনৰ সৈতে জড়িত বহু কেইজন বিশিষ্ট ব্যক্তিৰ দিহা-পৰামৰ্শত নিৰ্মান কৰা হৈছিল সংগ্ৰহালয়টো । চিৰঞ্জীৱ শৰ্মা আৰু ডিব্ৰুগড়ৰ গহীন সোণোৱালে বহু কষ্টৰে চহকী কৰিছে সংগ্ৰহালয়টো । বহুতে কয় খেল-ধেমালিও এক সংস্কৃতি ৷ ভেদ ভাব ত্যাগ কৰি এক অসমীয়া হ'বলৈ এই খেল-ধেমালিয়েই শক্তি বঢ়াব আৰু ঐক্যৰ বান্ধোন স্থায়ী কৰিব ।
উল্লেখযোগ্য যে চৰকাৰৰ পৰা বৰ্তমানেও কোনোধৰণৰ সাহায্য লাভ কৰা নাই চিৰঞ্জীৱ শৰ্মাৰ একক প্ৰচেষ্টাৰে গঢ়ি উঠা এই থলুৱা ক্ৰীড়া সংগ্ৰহালয়টোৱে ।
সংগ্ৰহালয়টোত চালে চকুৰোৱা এক পৰিৱেশ । পৰম্পৰাগত খেল-ধেমালিৰ সামগ্ৰীৰে ভৰপূৰ সংগ্ৰহালয়টো । বিভিন্ন ছবিয়েও যেন অসমীয়া পৰম্পৰাগত খেল জগত আৰু অসমীয়া সমাজ জীৱনৰ কথাকেই কৈছে ! শৰ্মাৰ মতে এই মিউজিয়ামৰ জড়িয়তে নৱপ্ৰজন্মই বিলুপ্তিৰ পথলৈ যোৱা বহু অসমীয়া পৰম্পৰাগত খেলৰ বিষয়ে জানিব পাৰিব ।