MrJazsohanisharma

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS



 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS। ২০১৭ চনত এই প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল নৰেন্দ্ৰ মোদীয়ে। আজি গৰু বিহুৰ দিনা অসমবাসীক AIIMSখন উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।


উল্লেখযোগ্য যে চাংসাৰিৰ AIIMSত থাকিব ৭৫০খন বিচনা। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্ছুৱেলী মুকলি কৰিলে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়। নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও মেডিকেল কলেজ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

Post a Comment

Previous Post Next Post