গোৱালপাৰাত বনৰীয়া হাতীয়ে ভাঙি চূৰমাৰ কৰিলে ই–ৰিক্সা, কথমপি প্ৰাণৰক্ষা চালক–আৰোহীৰ


 

গোৱালপাৰাৰ ধূপধৰাৰ শালনিৰ পথত বনৰীয়া হাতীৰ আক্ৰমণ ই-ৰিক্সাত৷ এটা হাতীয়ে আক্ৰমণ কৰি বগৰাই দিয়ে ই-ৰিক্সা৷ কেৱল বগৰাই পেলোৱাই নহয়, ই-ৰিক্সাখন ভাঙি তচনচ কৰে হাতীটোৱে৷ ধূপধৰাৰ শালনিৰ মাজেৰে যোৱা খেকাপাৰা-আমবাৰী পথত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো৷


খেকাপাৰা গাঁৱৰ শংকৰ নাথ নামৰ লোকজনে নিজৰ ই-ৰিক্সাখনেৰে ধূপধৰা দিশৰ পৰা খেকাপাৰা অভিমুখে গৈ থাকোঁতে শালনীঝাৰৰ পৰা এটা হাতী হঠাতে পথলৈ ওলাই আহে আৰু ই-ৰিক্সাসহ চালকজনক কাষতে পাই ই-ৰিক্সাখনলৈ চোঁচা লয়। তেনেতে ই-ৰিক্সা চালক শংকৰ নাথসহ আৰোহীয়ে কথমপি দৌৰি পলায়ন কৰে যদিও হাতীটোৱে ই-ৰিক্সাখনতে আক্ৰমণ কৰে৷

ই-ৰিক্সাৰ পৰা কথমপি দৌৰি চালক আৰু আৰোহীয়ে প্ৰাণ ৰক্ষা কৰে যদিও হাতীৰ আক্ৰমণত ই-ৰিক্সাখন তচনচ হয়৷ ভাঙি-চিঙি লণ্ড-ভণ্ড কৰে ই-ৰিক্সাখন৷ উল্লেখ্য যে, উক্ত পথটোত পূৰ্বেও কেইবাটাও অনুৰূপ হাতীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷

Post a Comment

Previous Post Next Post