\"লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা; মাৰ সৰু বাপেৰ সৰু, তই হ'বি বৰ বৰ গৰু ৷\" গৰু বিহু বুলিলেই মনলৈ আহে এই কথা ৷ কাইলৈ সাত বিহুৰ অন্যতম গৰু বিহু ৷ প্ৰতিঘৰ অসমীয়া এতিয়া ব্যস্ত হৈ পৰিছে গৰু বিহুৰ প্ৰস্তুতিক লৈ ৷
গোহালি শুৱনি কৰা গৰুকেইটাক পুৱাই মাহ হালধিৰে নোৱাই-ধুৱাই বছৰটোৰ বাবে নিৰোগী হৈ থকাৰ কামনা কৰা হ'ব । লাও-বেঙেনা খুৱাই ন-শক্তি কামনা কৰা হ'ব গৰুকেইটাৰ ৷ পিছে, আন সকলোবোৰৰ দৰে সলনি হ'ল গৰুবিহুৰো পৰিৱেশ ৷
ব্যস্ত অসমীয়া এতিয়া গাঁওখনৰ হাবিয়ে বননিয়ে গৰুবিহুৰ সামগ্ৰী বিচৰাৰ পৰিৱৰ্তে বজাৰতহে ভিৰ কৰা দেখা গৈছে ৷ চহা খেতিয়কৰ অন্যতম উৎসৱ গৰুবিহুৰ পূৰ্বৰ পৰিৱেশ আছিল খুবেই ভাললগা ৷ পুৱাই পৰিয়ালৰ সকলো উঠি ব্যস্ত হৈ পৰিছিল ছাট প্ৰস্তুত কৰাত ।
সেই ছাটত লাও, বেঙেনা, হালধি সৰু সৰুকৈ কাটি গুঠি দি গৰুৰ গাত চটিওৱা হয় ৷ এইসমূহ পৰম্পৰা সৰ্বজনবিদিত ৷ ক'বলৈ বিচাৰিছোঁ ব্যস্ততাই আনি দিয়া পৰিৱৰ্তনৰ কথা । অসমীয়াই এতিয়া ঘৰত প্ৰস্তুত কৰিব নালাগে গৰু বিহুৰ ছাট । অথবা বাৰীৰ পৰা বিচাৰি আনিব নালাগে লাও-বেঙেনা আদি ৷
এই সকলোবোৰ এতিয়া উপলব্ধ হৈ পৰিছে ওচৰৰ বজাৰখনতে ৷ গৰু বিহুৰ বাবে প্ৰয়োজনীয় পাচলিসমূহেই নহয়, বজাৰত এতিয়া উপলব্ধ বাঁহৰ ছাটডালো ৷ ত্ৰিশূলসদৃশ বাঁহৰ শলাবিশেষ ছাটডাল পুৱা চোতালত বহি বনোৱাৰ যি আকৰ্ষনীয় পৰিৱেশ, সেই পৰিৱেশ এতিয়া প্ৰায়েই দেখা নাযায় ৷
বজাৰৰ পৰা ক্ৰয় কৰা ছাটডালত বজাৰৰ পৰা ক্ৰয় কৰা পাচলিসমূহ ডোখৰ ডোখৰকৈ কাটিয়েই গুঠি লোৱা হ'ব ৷ কেৱল সেয়াই নহয়, সন্ধিয়া গৰুৰ ভৰি ধুওৱাৰ পাচত ব্যৱহাৰ কৰা মৰাপাটৰ নতুন পঘাডালো উপলব্ধ হ'ল বজাৰতে ৷
মুঠৰ ওপৰত এতিয়া আৰু নাই তাহানিৰ গৰু বিহুৰ মাদকতা । কেৱল যেন পৰম্পৰা ৰক্ষা কৰিব লাগে বুলিয়েই নিয়মমাফিক উদযাপন কৰা হয় গৰু বিহু ৷ চহৰতো বাদেই, গাঁৱতো ৷