শিলচৰ চেণ্ট্ৰেল ৰোডত থকা ২০ বছৰ পুৰণি এখন ৰেষ্টুৰেণ্ট- আদিছ । এই ৰেষ্টুৰেণ্টখনৰ তলৰ মহলাত চলি আছে এই খাদ্য ব্যৱসায় । ব্ৰেকফাষ্টৰ বিভিন্ন খাদ্যৰ ভিতৰত "আদিছ"ৰ গ্ৰীণ পুৰীৰ চাহিদা সবাটোকৈ বেছি ।
অবশ্যে ২০ বছৰ পুৰণি খাদ্যৰ দোকান হ'লেও এই ৰেষ্টুৰেণ্টখনৰ গ্ৰীণ পুৰীৰ কনচেপ্ট বেছি দিন হোৱা নাই । এই খাদ্যৰ দোকানখন পুৱা ৫ বজাৰ পৰা দিনত ১১ বজালৈ খোলা থাকে কেৱল ভিন্ন ব্ৰেকফাষ্ট বা পুৱাৰ আহাৰৰ বাবে ।পিছলৈ অৱশ্যে খাদ্যপ্ৰেমীসকলে দিনটো আগবাঢ়ি যোৱাৰ লগে লগে ৰেষ্টুৰেণ্টখনলৈ গৈ আন আন ব্যঞ্জন খাই চাব পাৰে । কিন্তু গ্ৰীণ পুৰী পোৱা যায় কেৱল পুৱাৰ সময়খিনিতহে ৷ সকলোৰে আকৰ্ষণ এই গ্ৰীণ পুৰী ।