বাপোতি সাহোন ৰঙালীলৈ বিহুলৈ মাজত কেইটামান দিন বাকী। হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ৰাজ্যবাসীয়ে ব্যাপক প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে বিহু কৰ্মশালা সমূহত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। চৌদিশে ঢোল পেঁপাৰ গুমগুমনি। বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত সদৌ অসম ছাত্ৰ সন্থাৰ বৰহোলাৰ আঞ্চলিক সমিতিৰ উদ্যোগত ৯ দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহুৰ কৰ্মশালাৰ অন্তিম দিনা কণ কণ ছাত্ৰী সকলে সুন্দৰকৈ বিহু নাচ প্ৰদৰ্শন কৰিলে।
বিহু অহাৰ উমান দি সকলোতে ফুলিছে কপৌ, নাহৰ, কেতেকী ৷ ইফালে গাঁৱৰ জীয়াৰী-বোৱাৰী সকলো এতিয়া ব্যস্ত হৈ পৰিছে তাঁতশালত বিহুৱান, ৰুমাল আদি বোৱাত ৷ আনন্দ মনেৰে তাঁতশালত ব্যস্ত হৈ পৰা দুই এগৰাকী জীয়াৰী-বোৱাৰীৰ মুখত বিহু নামৰ কলিও শুনিবলৈ পোৱা গৈছে। সমান্তৰালকৈ ঢেঁকীত চিৰা-পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে গ্ৰাম্যঞ্চলৰ বহু মহিলা। ৰঙালী বিহুলৈ মাত্ৰ দুটামান দিন বাকী থকা অৱস্থাত বিগত দিন কেইটাত দিয়া বৰষুণে প্ৰকৃতি জীপাল কৰি তোলাত গছ-গছনি সমূহত কুঁহিপাত মেলিবলৈ ধৰিছে ৷
অন্যহাতে ৰঙালী বিহু উপলক্ষে বৰহোলাৰ ঠায়ে ঠায়ে বিহুৰ আখৰা আৰু বিহু কৰ্মশালা অনুষ্ঠিত হৈছে ৷ বিহু সন্মিলন সমূহত অংশগ্ৰহণ কৰাৰ লগতে অসমীয়াৰ কৃষ্টি-সংস্কৃতি নতুন প্ৰজন্মক শুদ্ধভাৱে শিকোৱাৰ উদ্দেশ্যেৰে এই কৰ্মশালা সমূহত কণ কণ ল'ৰা-ছোৱালীৰ পৰা যুৱক-যুৱতীলৈকে বহুতকে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কৰ্মশালা সমূহত বিহু নাচ, হুঁচৰি, ঢোল বাদন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ এনেদৰেই এতিয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰহোলাত চেনেহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।