চৰাই, কুকুৰ অথবা মেকুৰি নহয় মহানগৰীৰ এজন যুৱকে ঘৰত পুহিছে সাপ। সুদূৰ দক্ষিণ আফ্ৰিকাৰ পৰা অনা এটা বিৰল প্ৰজাতিৰ সাপ পুহিছে যুৱক জনে। চৰকাৰী অনুজ্ঞাপত্ৰ সাপেক্ষে নিজ ঘৰত দক্ষিণ আফ্ৰিকাৰ পৰা অনা বল পাইথনৰ (Ball Python) এটা ছমহীয়া পোৱালি পুহিছে যুৱক জনে।
কুকুৰ, মেকুৰি অথবা চৰাই চিৰিকতি নহয়, ঘৰত পুহিবলৈ এডাল সাপ ক্ৰয় কৰি আনিলে গুৱাহাটী মহানগৰীৰ এজন যুৱকে। সাধাৰণতে ঘৰত পোহনীয়া জীৱ জন্তু পুহাৰ চখ বেছিভাগ মানুহৰে থাকে। কোনো লোকে কুকুৰ পুহি ভাল পায়, কোনোবাই মেকুৰি পুহি ভাল পায় আৰু কোনো কোনো লোকে চৰাই চিৰিকতি পুহি ভাল পায়। বিভিন্ন প্ৰজাতিৰ কুকুৰ অথবা বিভিন্ন প্ৰজাতিৰ মেকুৰী আজিকালি সহজতে ক্ৰয় কৰাৰ সুবিধা আছে। কিন্তু ইয়াৰ বিপৰীতে গুৱাহাটী মহানগৰীৰ ৰীতেশ শৰ্মা নামৰ এজন যুৱকৰ চখ সাপ পোহা।
বন্য জীৱ জন্তুৰ প্ৰতি মৰম আৰু তীব্ৰ আকৰ্ষণ থকা ৰীতেশ শৰ্মা এগৰাকী ভাল ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ। বন্য জীৱৰ প্ৰতি থকা প্ৰেমৰ বাবেই বহু সময়ত বিভিন্ন প্ৰজাতিৰ সাপৰ সংস্পৰ্শলৈ আহিছে যুৱকজন। যাৰ বাবে তেওঁৰ মনত সাপ পোহাৰ হেপাহ ওপজে। সেয়ে দক্ষিণ আফ্ৰিকাৰ পৰা অনা বল পাইথনৰ বিৰল প্ৰজাতিৰ এই সাপৰ পোৱালিতো পুহিবলৈ চৰকাৰী অনুজ্ঞাপত্ৰ লৈ নিজ ঘৰত পুহিবলৈ আনে। বিগত এমাহ ৰীতেশে নিজে লালন পালন কৰিছে সাপৰ পোৱালিটো। ৫০ ৰ পৰা ৬০ বছৰকাল জীয়াই থকা এনে প্ৰজাতিৰ সাপ ৩ ৰ পৰা ৪ বছৰৰ ভিতৰত প্ৰাপ্তবয়স্ক হয় আৰু ৪ ৰ পৰা ৫ ফুট দীঘল হয়।