২০২৬ চনৰ ৭ নৱেম্বৰলৈ অতি শুভ দশা চলি থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ ২০২১ চনৰ ১০ মে’ত ১২ বাজি ৫ মিনিটত ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ ক্ষণ হিচাপত কৰা গণনা অনুসৰি বৰ্তমান শুক্ৰৰ দশা চলি আছে। বিগত বছৰতকৈ এই বছৰটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে সৰ্বশ্ৰেষ্ঠ হ’ব। পহিলা ব’হাগৰ দিনা বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই ভৱিষ্যদ্বাণী কৰা হয়।
সত্ৰনগৰী বৰপেটাত সত্ৰীয়া ৰীতি–পৰম্পৰাৰে পালন কৰা ব’হাগৰ দোমাহীৰ বৰ দোমাহী উপলক্ষে সত্ৰীয়া পৰম্পৰা অনুসৰি আজি বৰ্ষফল গণনা বা বিহু গণনা কৰা হয়। বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে প্ৰথমতে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত গুৰু আসনৰ পিচফালে সত্ৰীয়া প্ৰমুখ্যে ভকতৰ সন্মুখত বছৰটোৰ শুভাশুভ বিচাৰ কৰে৷ তাৰ পিছতে দৈৱজ্ঞই সত্ৰলৈ অহা ভক্ত বৈষ্ণৱৰ সন্মুখত মঠৰ চোতালত বৰ্ষফল গণনা পাঠ কৰে৷ ইয়াৰ পিছতে দৈৱজ্ঞই আই সকলৰ কাঠিত বৰ্ষফল গণনা পাঠ কৰে৷
এই বৰ্ষফল গণনা অনুসৰি, বিগত বছৰতকৈ এই বছৰটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে সৰ্বশ্ৰেষ্ঠ হ’ব। লগতে কোৱা হয়, এই বৰ্ষটো ৰাজ্য চৰকাৰৰ সফলতাৰ বৰ্ষ৷ শিক্ষা–সাহিত্য–সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ উন্নতিৰ যোগ৷ বিৰোধীৰ পতন হ’ব৷
আনহাতে, ব্যৱসায়-বাণিজ্য, কৃষি ,আমদানি আৰু ৰপ্তানিৰ দিশত ৰাজ্য চৰকাৰ সফল হোৱাৰ যোগ৷ শিক্ষা, সাহিত্য, সংস্কৃতিৰ দিশত উন্নতিৰ কাৰক৷ অৱশ্যে অসম দেশৰ কৰ্কট ৰাশি অনুসৰি গুৰু চাণ্ডাল যোগৰ ফলত শত্ৰুবৃদ্ধি, মানহানি, অৰ্থনাশ আদি হ’ব পাৰে বাবে সাৱধানে থকাটো মংগলজনক৷