খাদ্য খোৱাৰ পিছত বহুতে থালতে হাত ধোৱে, কিন্তু সেয়া কৰিব নালাগে। কাৰণ সনাতন ঐতিহ্যত খাদ্যক দেৱতা হিচাপে গণ্য কৰা হয়। সেয়ে খাদ্য খোৱাৰ পিছত প্লেটত হাত ধোৱাটো অপমান হিচাপে গণ্য কৰা হয়। ইয়াৰ ফলত মা অন্নপূৰ্ণা ক্ষুব্ধ হয় বুলি ধাৰণা কৰা হয়। বাস্তুবিদসকলৰ মতে, ইয়াৰ ফলত ঘৰত দাৰিদ্ৰ্য আহে আৰু ধন–সম্পত্তি হ্ৰাস পায়।
প্লেটত হাত ধোৱাৰ অভ্যাস ত্যাগ কৰিবলৈ কোৱাৰ আঁৰত আন কেইবাটাও কাৰণ আছে। ইয়াৰ আঁৰত আৰু কি কি কাৰণ আছে জানো আহক জ্যোতিষী ঋষি কান্ত মিশ্ৰৰ পৰা।
জ্যোতিষীগৰাকীৰ মতে, এয়া এক বিশ্বাস যে খাদ্যৰ প্লেটত হাত ধোৱা কাৰ্যই মা লক্ষ্মী আৰু অন্নপূৰ্ণাক ক্ষুব্ধ কৰে।
প্লেটত খাদ্য ৰখা উচিত নহয়। অলপো খাদ্য নষ্ট কৰাটো ভুল। যিয়ে সংসাৰত অনাটন লৈ আহে। সেয়াই নহয়, বহু পুৰাণতো খাদ্যক অৱমাননা কৰাটো পাপ বুলি গণ্য কৰা হৈছে।
জ্যোতিষাচাৰ্যৰ মতে, বহু সময়ত আমি প্ৰয়োজনতকৈ বেছি খাদ্য প্লেটত দিওঁ। তেনে কৰাটো ভুল। কাৰণ খাদ্য এৰিটো আন দেৱতাক অপমান কৰা হয়। যিজনে খাদ্যৰ গুৰুত্ব বুজি নাপায়, তেওঁ পাপৰ অংশীদাৰ হৈ পৰে। সেইবাবেই প্লেটত যিমান খাব পাৰে সিমান খাদ্য লব লাগে।
খাদ্যক সন্মান কৰিবলৈ আমি সকলো নিয়ম মনত ৰাখিব লাগে বুলিও বিশ্বাস কৰা হয়। কাঠৰ ট্ৰেত খাদ্যৰ প্লেট ৰাখি খাব লাগে। যদি নাই তেন্তে মেট আদি ব্যৱহাৰ কৰিব পাৰে।