ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো পৰম্পৰা ৰক্ষা কৰি আজি অনুষ্ঠিত হয় কণী যুঁজ প্ৰতিযোগিতা। শিৱসাগৰ চহৰত সামাজিক সাংস্কৃতিক অনুষ্ঠান "ঐক্য"ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কণী যুঁজ প্ৰতিযোগিতা।
জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ আৰু জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই কণী যুঁজাই প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে। কণী যুঁজ প্ৰতিযোগিতাত জয়ী হয় জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা। প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি ল'ৰালি কালৰ স্মৃতি ৰোমন্থন কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।
লগতে শিৱসাগৰত বিহু উদযাপনৰ মাদকতা সুকীয়া আৰু নিজৰ ঘৰখনৰ দৰে লাগে বুলি অনুভৱ ব্যক্ত কৰে। ইপিনে এই অনুষ্ঠানতে ৰাজ্যৰ এগৰাকী বিশিষ্ট চিকিৎসক ডাক্তৰ সৰ্বেশ্বৰ ভূঞা আৰু কেইবাগৰাকী উদীয়মান খেলুৱৈ, সামাজিক-সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় "ঐক্য"ৰ তৰফৰ পৰা।
লক্ষণীয় যে জীৱনত প্ৰথমবাৰৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ মঞ্চত উঠি বক্তৃতা প্ৰদান কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক ডাক্তৰ সৰ্বেশ্বৰ ভূঞাই। উজনিৰ অগণন ৰোগীৰ বাবে দেৱদূত স্বৰূপ ডাক্তৰ সৰ্বেশ্বৰ ভূঞাই সম্বৰ্ধনা গ্ৰহণ কৰি বৈচিত্ৰ্যময় সাংস্কৃতিৰ মাজত এনাজৰীডাল এনেবিলাক অনুষ্ঠানে ধৰি ৰখাত সহায় কৰে বুলি উল্লেখ কৰে। তেওঁ লগতে শৈশৱ কালৰ স্মৃতিও ৰোমন্থন কৰে।
ডা: সৰ্বেশ্বৰ ভূঞাই কয় "বিহুৰ এনে কাৰ্যসূচীবিলাকে মনত বল দিয়ে । বৈচিত্ৰ্যময় সংস্কৃতি উৎকৰ্ষৰ উৎস। আবদ্ধ পানীত বিহ মেটেকা আৰু পুনিহে হয়। উৎকৰ্ষ নহয়। আপোনালোকে মোক যি সম্বৰ্ধনা জ্ঞাপন কৰিছে তাৰ যোগ্য মই হওঁ নে নহওঁ নাজানো, কিন্তু মই গৌৰৱবোধ কৰিছোঁ। আপোনালোকে বিচৰাৰ দৰে যি মান আশা কৰিছে পাৰিম নে নোৱাৰিম নাজানো, আপোনালোকৰ আশীৰ্বাদত আগুৱাই যাম।"
নৱনীত হাজৰিকাই আঁতধৰা অনুষ্ঠানটোৰ মাজতে এটা হুঁচৰি দলে হুঁচৰি পৰিৱেশন কৰাৰ উপৰি এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়।