অসমত আনুষ্ঠানিকভাৱে মুকলি হ’ল AIIMSৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে চাংসাৰিৰ AIIMS। উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াৰে ভাষণ আৰম্ভ কৰে। অসমীয়াত ‘মা কামাখ্যাৰ এই পৱিত্ৰ ভূমিৰ পৰা অসমৰ সমূহ ভাতৃ–ভগ্নীলৈ মোৰ প্ৰণাম’ বুলি নিজৰ ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে।
নিজৰ ভাষণত মোদীয়ে কয়, ‘‘আপোনালোক সকলোকে মোৰ বহু বহু প্ৰণাম। এই পৱিত্ৰ ক্ষণত অসমৰ, উত্তৰ–পূবৰ স্বাস্থ্য আন্তগাঁঠনিয়ে আজি এক নতুন শক্তি লাভ কৰিলে। আজি উত্তৰ–পূবে প্ৰথমখন AIIMS লাভ কৰিছে। আৰু অসমে তিনিখন নতুন মেডিকেল কলেজ লাভ কৰিছে। IIT গুৱাহাটীৰ সৈতে মিলি আধুনিক ৰিছাৰ্জৰ বাবে ৫০০খন বিচনাযুক্ত ছুপাৰ স্পিচেয়েলিটী হাস্পতালৰো আধাৰশিলা স্থাপন হ’ল। আৰু অসমৰ লাখ লাখ লোকলৈ আয়ুষ্মান কাৰ্ড প্ৰদানৰ কামো মিছন মুডত আৰম্ভ হৈছে। মই এইমছৰ পৰা অসমৰ উপৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু মণিপুৰৰ লোকসকলেও ইয়াৰ সুবিধা লাভ কৰিব।’’
‘‘বিগত ৯ বছৰত উত্তৰ–পূবত যাতায়াতৰ সৈতে জড়িত আন্তঃগাঁঠনিৰে জড়িত বহুত চৰ্চা হৈছে। আজি যিয়ে উত্তৰ–পূবলৈ আহে ইয়াৰ পথ, ৰে’ল, এয়াৰপ’ৰ্টৰ সৈতে কাম দেখি প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰে। কিন্তু উত্তৰ–পূবত আন এক আন্তঃগাঁঠনিৰ ওপৰত দ্ৰুতগতিৰে কাম হৈছে, সেয়া হ’ল সামাজিক আন্তঃগাঁঠনি। ইয়াত শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাৰ যি বিকাশ হৈছে, সেয়া সঁচাকৈ অভূতপূৰ্ব।’’ – ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয়, বিগত বৰ্ষত যেতিয়া ডিব্ৰুগড়লৈ আহিছিলো, তেতিয়া অসমৰ বহু জিলাত একেলগে আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ সুযোগ পাইছিলো। আজি AIIMS আৰু তিনিখন মেডিকেল কলেজ আপোনালোকক আগবঢ়োৱাৰ সৌভাগ্য লাভ কৰিছো। অসমত ডেণ্টেল কলেজৰ সুবিধাৰো ব্যৱস্থা হৈছে। এই সকলোবোৰক উত্তৰ–পূবত নিৰন্তৰভাৱে উন্নত হোৱা ৰে’ল, পথ যাতায়াতৰ পৰাও সহায় লাভ কৰিছে। বিশেষকৈ গৰ্ভাৱস্থাৰ সময়ত মহিলাসকলে যি সমস্যাৰ সন্মুখীন হৈছিল সেইবোৰ এতিয়া দূৰ হৈছে। ইয়াৰ দ্বাৰা শিশু আৰু মাতৃৰ জীৱনত সংকট হ্ৰাস পাইছে।
মোদীয়ে কয়, আজিকালি এটা নতুন ৰোগ দেখা গৈছে, মই দেশৰ য’লৈকে যাওঁ, বিগত ৯ বৰ্ষত হোৱা বিকাশৰ চৰ্চা কৰো, কিছুমান লোকৰ সমস্যা হয়, এয়া নতুন ৰোগ। তেওঁলোকে অভিযোগ কৰে যে দশক দশক জুৰি তেওঁলোকেও দেশত শাসন কৰিছে, তেওঁলোকে কৃতিত্ব কিয় নাপায়? কৃতিত্বৰ বাবে ভোকাতুৰ লোক আৰু জনতাৰ ওপৰত শাসন কৰাৰ চিন্তাই দেশৰ বহুত ক্ষতি কৰিছে। জনতা জনাৰ্দনৰ ৰূপ, ঈশ্বৰৰ ৰূপ। পূৰ্বৰসকল কৃতিত্বৰ ভোকাতুৰ আছিল, সেইবাবে উত্তৰ–পূব তেওঁলোকৰ বাবে দূৰ আছিল। আমি সেৱাৰ মনোভাৱেৰে, আপোনালোকৰ সেৱক হোৱাৰ চিন্তাৰে, সমৰ্পণৰ ভাৱেৰে আপোনালোকৰ সেৱা কৰো। সেইবাবে উত্তৰ–পূব আমাৰ বাবে দূৰ নহয়, আৰু আন্তৰিকতাৰ ভাবো কেতিয়াও কম নহয়। মই আনন্দিত যে আজি উত্তৰ–পূবৰ মানুহে বিকাশৰ বাঘজৰী নিজেই চম্ভালিছে। তেওঁলোকে উত্তৰ–পূবৰ বিকাশেৰে ভাৰতৰ বিকাশৰ মন্ত্ৰ লৈ আগবাঢ়িছে। বিকাশ এই নতুন আন্দোলনত কেন্দ্ৰীয় চৰকাৰে বন্ধু হিচাপে, সহযোগী হৈ সকলো ৰাজ্যৰ সৈতে কাম কৰি আছে। আজিৰ এই আয়োজনো ইয়াৰ এক উদাহৰণ।