আজি অসমত ১৪ হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। যিসকল লোকে কলাক্ষেত্ৰৰ পৰা প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিছিল তেওঁলোকে আজি প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে সৰুসজাই ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব।
সৰুসজাই ষ্টেডিয়ামত পলাশবাৰী-শুৱালকুছি দলং, ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন, নামৰূপৰ মিথানেল প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। উত্তৰ পূব সীমান্ত ৰেলৱেই প্ৰায় ৭ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ কাম সমাপন কৰিছে, সেইসমূহ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ ভিতৰত আছে ডিগাৰু লামডিং দ্বৈত ৰেলপথ, গৌৰীপুৰ-অভয়াপুৰীলৈ নতুন ৰেল লাইন, নিউ বঙাইগাঁৱৰ পৰা ধুপধৰালৈ দ্বৈত ৰেলপথ, জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ বৈদ্যুতিকৰণ, শিলঘাট টাউনৰ পৰা মৈৰাবাৰীলৈ নতুন ৰেলপথ উদ্বোধন কৰিব।