১ জুলাইৰ পৰা আৰম্ভ হ’ব অমৰ নাথ যাত্ৰা; ১৭ এপ্ৰিলৰ পৰা হ’ব পঞ্জীয়ন



 দক্ষিণ কাশ্মীৰ হিমালয়ৰ অমৰ নাথ মন্দিৰলৈ বাৰ্ষিক যাত্ৰা আগন্তুক ১ জুলাইত আৰম্ভ হ’ব আৰু ৩১ আগষ্টত সমাপ্ত হ’ব। শুকুৰবাৰে বিষয়াসকলে এই তথ্য দিয়ে। দক্ষিণ কাশ্মীৰৰ হিমালয় অঞ্চলৰ ৩,৮৮০ মিটাৰ ওখ পবিত্ৰ গুহাত শিৱলিংগৰ দৰ্শনৰ বাবে প্ৰতি বছৰে তীৰ্থযাত্ৰা অনুষ্ঠিত কৰা হয়। এই যাত্ৰাৰ পঞ্জীয়ন ১৭ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব।


ৰাজভৱনত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাৰ অধ্যক্ষতাত অনুষ্ঠিত শ্ৰী অমৰনাথ জী শ্ৰাইন ব’ৰ্ডৰ (SASB) ৪৪ তম বৈঠকত তীৰ্থযাত্ৰাৰ সময়সূচী নিৰ্ধাৰণ কৰা হয়। তীৰ্থযাত্ৰাৰ সময়সূচী ঘোষণা কৰি উপ ৰাজ্যপাল সিনহাই কয় যে প্ৰশাসন মসৃণ আৰু নিৰৱচ্ছিন্ন তীৰ্থযাত্ৰা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

তেওঁ কয় যে, ‘‘অসুবিধামুক্ত তীৰ্থযাত্ৰা হোৱাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। প্ৰশাসনে আহিবলগীয়া সকলো শ্ৰদ্ধালো আৰু ভক্তৰ সৰ্বশ্ৰেষ্ঠ স্বাস্থ্য সেৱা আৰু অন্য আৱশ্যকীয় সুবিধাসমূহ প্ৰগান কৰিব।’’ ৰাজ্যপালে লগতে কয় যে, ‘‘ সংশ্লিষ্ট সকলো বিভাগে তীৰ্থযাত্ৰা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বাসস্থান, বিদ্যুৎ, পানী, নিৰাপত্তা আৰু অন্যান্য ব্যৱস্থাত নিয়োজিত হৈ আছে।’’

তেওঁ কয় যে, যাত্ৰাটো অনন্তনাগ জিলাৰ পহেলগাম ট্ৰেক আৰু গান্দেৰবাল জিলাৰ বালতাল ট্ৰেক দুয়োটাৰ পৰা একেলগে আৰম্ভ হ’ব। শ্ৰী অমৰনাথজী শ্ৰাইন ব’ৰ্ডে (SASB) ভক্তসকলৰ বাবে ৰাতিপুৱা আৰু সন্ধিয়াৰ প্ৰাৰ্থনাও পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব। যাত্ৰাৰ পথত তাৎক্ষণিক বতৰৰ তথ্য আৰু অনলাইনত বহুতো সেৱা লাভ কৰিবলৈ তীৰ্থযাত্ৰাৰ বাবে গুগল প্লে ষ্টোৰত এটা এপ উপলব্ধ কৰা হৈছে।

Post a Comment

Previous Post Next Post