অসমৰ বাপোতিসাহোন ৰঙালী বিহুটি ৰাজ্যবাসীয়ে আনন্দ উলাহেৰে পালন কৰাৰ সময়তে বৰপেটাতো সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি–নীতিৰে পালন কৰা হৈছে ব’হাগ বিহু৷ বৰপেটাৰ বিহু মূলতঃ সত্ৰকেন্দ্ৰীক৷ বৰপেটাত ৰঙালী বিহুৰ ঢোল–পেঁপা–গগনা, বিহু নামৰ পৰিৱৰ্তে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পালন কৰা হয় ব’হাগ বিহু৷
চ’তৰ সংক্ৰান্তিৰ পৰা সাতদিন জুৰি পালন কৰা ব’হাগ বিহুষ। আজি পহিলা ব’হাগৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হৈছে বৰ দোমাহি৷ বৰ দোমাহি উপলক্ষে সত্ৰত সেৱা জনাবলৈ সত্ৰবাসী ভক্তপ্ৰাণ লোকসকল আহি সত্ৰত ভিৰ কৰিছে৷ বৰ দোমাহি উপলক্ষে সত্ৰত পুৱা নাম–প্ৰসংগৰ পিছত সত্ৰৰ গায়ন–বায়নে গুৰুঘাট বজায়৷
হৰিনামৰ অমিয়া সুৰ, গায়ন–বায়নৰ ভক্তিভাৱপূৰ্ণ খোলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰ চৌহদ৷ পহিলা ব’হাগৰ দিনতোট সত্ৰত আঁঠু লৈ গুৰু দুজনাৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিছে ভক্তসকলে৷
পুৱাৰ প্ৰসংগৰ পিছতে বৰপেটা সত্ৰত বৰ্ষফল গণনা আৰম্ভ হ’ব৷ সত্ৰৰ দৈবজ্ঞই কৰা বৰ্ষফল গনণা শুনিবলৈ আজি সত্ৰখনত সমবেত হ’ব বৰপেটাবাসী প্ৰতিজন লোক৷ সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰথমতে বৰ্ষফল গনণাৰ পিছতেই সত্ৰৰ মঠৰ চোতাল আৰু আইসকলে প্ৰসংগ কৰা কাঠিত পাঠ কৰা হ’ব বৰ্ষফল গনণা৷