জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাক হত্যাৰ চেষ্টা ! সভাত বোমা বিস্ফোৰণ, আক্ৰমণকাৰীক গ্ৰেপ্তাৰ


 

জাপানৰ ৱাকায়ামা চহৰত প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰ ওপৰত আক্ৰমণ। এখন সভাত যেতিয়া তেওঁ ভাষণ দি আছিল, তেওঁৰ ওচৰত পাইপ সদৃশ বস্তু এটা দলিয়াই দিয়া হৈছিল। ৰয়টাৰ্ছে জাপানী সংবাদ মাধ্যমৰ উদ্ধৃতি দি কয় যে ঘটনাস্থলীত এটা বিস্ফোৰণ সদৃশ শব্দ শুনা গৈছিল আৰু ধোঁৱা ভৰ্তি হৈছিল। নিৰাপত্তা বিষয়াসকলে তৎপৰতা দেখুৱাইছিল আৰু প্ৰধানমন্ত্ৰী ফুমিও কিছিদাক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে। সকাহৰ খবৰ টো হ'ল যে জাপানৰ প্ৰধানমন্ত্ৰীক আঘাত পোৱা নাই। ঘটনাটোৰ পিছত, নিৰাপত্তা বিষয়াসকলে পশ্চিম ৱাকায়ামাৰ এজন সন্দেহজনক ব্যক্তিক আটক কৰে।


জাপানৰ সংবাদ মাধ্যম এনএইচকেৰ মতে, য'ত প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই ভাষণ দি আছিল, এক প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছিল, যাৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছিল। প্ৰধানমন্ত্ৰীৰ সুৰক্ষা দলে তেওঁক আৱৰি ৰাখিছিল আৰু ঘটনাস্থলীৰ পৰা সুৰক্ষিতভাৱে উলিয়াই আনিছিল। প্ৰতিবেদনত কোৱা হৈছে যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত ফুমিঅ কিছিদাই পশ্চিম জাপানৰ ৱাকায়ামা চহৰৰ এটা মাছ ধৰা বন্দৰ পৰিদৰ্শন কৰাৰ পিছত তেওঁৰ ভাষণ আৰম্ভ কৰিছিল। ঘটনাস্থলীত নিয়োজিত আৰক্ষীয়ে এজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিছে।

Post a Comment

Previous Post Next Post