১৫ এপ্ৰিলৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো



 মেষ : আনৰ প্ৰতি সহমৰ্মিতাই দিনটোৰ প্ৰতিবন্ধকতা দূৰ কৰাত সহায় কৰিব।


বৃষ : পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ পৰিৱেশ সৃষ্টি কৰিব, সিদ্ধান্ত যেন সঠিক হয়।

মিথুন : আবেগক নিয়ন্ত্ৰণত ৰাখিব পাৰিলে যিকোনো বাধা জয় কৰা সহজ হ’ব।

কৰ্কট : পৰিয়ালৰ সদস্যসকলৰ যত্ন লোৱা প্ৰয়োজন, দিনৰ শেষত তালৈকে উভতিব লাগিব।

সিংহ : পেছাদাৰী আচৰণৰ পথত বাধা হৈ উঠিব আবেগ, সেয়া চম্ভালি ৰাখিব লাগিব।

কন্যা : বিবাদত সাঙোৰ খোৱাৰ পূৰ্বে পৰিস্থিতি চাই লওক, সমস্যাৰ সমাধান হৈ যাব।

তুলা : কিবা এটা সঠিক বুলি মনে নধৰিলে সেয়া স্পষ্টভাৱে কওক, তেতিয়াহে আনসকল সজাগ হ’ব।

বৃশ্চিক : চাৰিওফালৰ সকলো স্পৰ্শকাতৰ হৈ থাকিব। জানি–বুজি পদক্ষেপ গ্ৰহণ কৰক।

ধনু : নিজৰ চাহিদাৰ কথা স্পষ্টকৈ নক’লে সুবিধা নহ’ব। সেয়ে উদ্যোগী হওক।

মকৰ : বিবাদত উত্তপ্ত হ’ব পাৰে আজিৰ দিনটো, গতিকে মূৰ ঠাণ্ডা ৰখাটো বাঞ্ছনীয়।

কুম্ভ : নিজৰ অধিকাৰৰ বাবে যুঁজিব লাগিব, নহ’লে ন্যায্যপ্ৰাপ্তি লাভ নকৰিব।

মীন : পোনে পোনে সংঘৰ্ষলৈ নগৈ যুক্তিৰ ব্যৱহাৰ কৰক, বিপক্ষ পৰাজিত হ’ব।

Post a Comment

Previous Post Next Post