১১ এপ্ৰিলৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো


 

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীত এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।

মেষ : নিৰাপত্তাবোধে কাম কৰিব, তাক সম্বল হিচাপে লৈ নতুন লক্ষ্যত উন্নতিৰ সূচনা কৰিব লাগিব।


বৃষ : নিজৰ গোপন প্ৰতিভা বিকাশৰ দিন, তাৰ যতন ল’লে স্বীকৃতি আৰু উপাৰ্জন দুয়োটাৰে বৃদ্ধি সম্ভৱ হ’ব।


মিথুন : প্ৰেমৰ ক্ষেত্ৰত মনৰ কথা স্পষ্ট কৰি ক’ব লাগিব। নহ’লে দুৰ্বোধ্যতাৰ কাৰণে উত্তৰ নাপাব।


কৰ্কট : পৰিকল্পনা মতে পৰিস্থিতি নচলিব, কিন্তু আত্মবিশ্বাসৰ ফলত সকলো সমস্যা চম্ভালিব পৰা যাব।


সিংহ : প্ৰেমৰ ক্ষেত্ৰত যি আশা কৰা নাই, সিয়ে হাঁহি বিৰিঙাব পাৰে, তাৰ বাবে সাজু থাকক।


কন্যা : ভৱিষ্যতৰ কথা ভাবি নিজকে উদ্যোগী কৰি তুলিব লাগিব, এইক্ষেত্ৰত সুস্থ পৰিকল্পনাৰ প্ৰয়োজন।


তুলা : ক্ষুদ্ৰাতিক্ষুদ্ৰ বস্তুৰ মাজতে লুকাই থাকে ভালপোৱাৰ আচল সোৱাদ, সেয়া পাহৰি নাযাব।


বৃশ্চিক : প্ৰেমৰ ক্ষেত্ৰত খৰখেদা নকৰা ভাইল, এই কথা মনত ৰাখিব।


ধনু : সকলো পৰিকল্পনা মতে নিয়মমাফিক চলিব, প্ৰেমৰ প্ৰতিশ্ৰুতি পূৰণ হ’ব।


মকৰ : নিজৰ বাবে সময় উলিওৱা প্ৰয়োজন, অপছন্দৰ সংগীক না ক’ব লাগিব।


কুম্ভ : হৃদয় আৰ্দ্ৰ হ’লে প্ৰতিভাৰ স্ফূৰণ ঘটে, গতিকে বেছিকৈ নিজৰ যত্ন লওক।


মীন : হৃদয়খন উত্তেজিত হ’ব, অলপ চিন্তা কৰিলেহে ইয়াৰ কাৰণ আৰু সমাধান বিচাৰি পাব।

Post a Comment

Previous Post Next Post