এটা পথ দুৰ্ঘটনাক লৈ ডিব্ৰুগড়ৰ ডিকমত ভয়ংকৰ পৰিস্থিতি, জ্বলিল আৰক্ষীৰ বাহন, শূন্যলৈ গুলীচালনা



 কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ (Amit Shah) আগমনৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ ডিকমত নিশা ভয়াৱহ পৰিস্থিতি (Dibrugarh Tense)। আৰক্ষীৰ চকুৰ সন্মুখতে জ্বলাই দিয়া হ’ল আৰক্ষীৰ বাহন। এটা পথ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলীচালনা, আৰক্ষীৰ বাহন জ্বলাই দিলে একাংশ ক্ষুব্ধ লোকে।


সোমবাৰে আবেলি প্ৰায় ৩ বজাত এখন AS 06 Z 3501 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনে নাহৰতলী চাহ বাগিচাৰ সমীপত ডিকম বাইপাছত তিনিগৰাকী চাহ জনগোষ্ঠীয় মহিলাক পথত মহতিয়াই থৈ যায়। তাৰে দুগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়। আন এগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ত সেইগৰাকী মহিলাইয়ো মৃত্যুক সাবটি লয়।

মৃত মহিলা কেইগৰাকী ক্ৰমে মীনা বেদিয়া, ৰীতা বেদিয়াস আৰু সুনীতা চুনীতা ভত্তা। ইফালে ঘটনাক কেন্দ্র কৰি উতপ্ত হৈ পৰে ডিকম। একাংশ স্থানীয় লোকে অৱৰোধ কৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ, বাইপাচ ৰোড ইত্যাদি। ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশো উপস্থিত হয় যদিও ক্ষোভিত লোকসকলে তিনি নিৰীহৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ অপাৰগ হয় অৰ্ধসামৰিক বাহিনী, নিৰাপত্তাৰ ৰক্ষীৰ দলো।এইদৰে প্ৰায় ৫-৬ ঘণ্টা ধৰি আৱদ্ধ হৈ পথ। নিশাৰ ভাগত প্ৰতিবাদকাৰীসকলক বুজনি দি আৰক্ষীয়ে পৰিস্থিতিৰ শাম কটাবলৈ চেষ্টা কৰাৰ সময়তে সংঘটিত হয় আন এক দুৰ্ঘটনা। এখন এম্বুলেন্সে পুনৰ কেইজনমান লোকক মহতিয়াই নিয়ে। ইয়াৰ পিছতে পুনৰ ক্ষোভিত হৈ পৰে স্থানীয় লোকসকল।

আৰক্ষীৰ মতে, স্থানীয় লোকে এম্বুলেন্সখন আৰক্ষীক ৰখাবলৈ কৈছিল যদিও আৰক্ষীয়ে নৰখোৱাত অধিক ক্ষোভিত হৈ পৰে লোকসকল। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্ৰৰ মতে, তেনে সময়তে একাংশই শিল নিক্ষেপ কৰে, আৰক্ষীয় প্ৰতিৰোধৰ চেষ্টা চলাই। শিল নিক্ষেপত কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে। যাক লৈ পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে আৰু ডিকম আৰক্ষীৰ AS 06 A B 5721 নম্বৰৰ বাহনত পথৰ ওপৰতে অগ্নি সংযোগ কৰে একাংশ ক্ষুব্ধ লোকে। যাৰ ফলত বাহনখন সম্পূর্ণভাৱে ভস্মীভূত হয়।

ঘটনাস্থলীত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক, উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াসহ আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হৈ বহু প্ৰচেষ্টাৰ অন্তত পৰিস্থিতি নিশা সাময়িকভাৱে নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হয়।

কিন্তু অমিত শ্বাহৰ আগমনৰ কেইটামান ঘণ্টা বাকী থকা সময়ত আৰক্ষীৰ শূন্যলৈ গুলীচালনা, আৰক্ষীৰ গাড়ীত অগ্নি সংযোগৰ দৰে বিক্ষিপ্ত ঘটনাই নিৰাপত্তাৰ দিশটোত বৃহৎ প্ৰশ্নৰ সৃষ্টি কৰিছে।

Post a Comment

Previous Post Next Post