নিশা মহানগৰীৰ জি এছ ৰোডত চাঞ্চল্যকৰ ঘটনা, ষ্টাৰ বাকছৰ মেনেজাৰক চুৰিকাঘাত


 

নিশা মহানগৰীত ভয়ংকৰ ঘটনা (Guwahati News)। জি এছ ৰোডৰ ষ্টাৰ বাকছৰ মেনেজাৰক চুৰিকাঘাত। ভাস্কৰ জ্যোতি দাসক উপৰ্যুপৰি চুৰিৰে আক্ৰমণ কৰে দুৰ্বৃত্তই। স্কুটীত অহা দুই দুৰ্বৃত্তই চোকা অস্তই আঘাত কৰে মেনেজাৰজনক।


এ বি চি পইণ্টত এই চুৰিকাঘাতৰ ঘটনা সংঘটিত হয়। নিশা দোকান বন্ধ কৰি স্কুটীৰে ঘৰলৈ গৈ আছিল ভাস্কৰজ্যোতি দাস। সেই সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰে লোকজনক। সংকটজনক অৱস্থাত প্ৰত্যক্ষদৰ্শীয়ে লোকজনক ভৰ্তি কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

কিন্তু পৰৱৰ্তী সময়ত এপল’ হাস্পতালত ভৰ্তি কৰোৱা হয় ভাস্কৰ জ্যোতি দাসক। ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে ভাস্কৰৰ পৰিয়ালে। সুৰাপান কৰি অহা দুই যুৱকে ৰাজপথত আক্ৰমণ কৰিছিল ভাস্কৰ দাসক।

Post a Comment

Previous Post Next Post