অসুস্থ মদাহী পুলিচক স্বেচ্ছামূলক অৱসৰ দিব চৰকাৰে, সীমিত হ'ব উপায়ুক্তৰ কাম, মুখ্যমন্ত্ৰীৰ ঘোষণা


 

অসুস্থ মদাহী পুলিচক স্বেচ্ছামূলক অৱসৰ (VRS) দিব চৰকাৰে। উপায়ুক্তসকলৰো কমাব কামৰ বোজা, কাৰ্যকৰী উপায়ুক্তৰ কাম-কাজ এতিয়াৰে পৰা সীমিত হ'ব। জিলাভিত্তিক কিছুমান কাম বিকেন্দ্ৰীকৰণেৰে সমষ্টিভিত্তিক হ'ব। বিধানসভাৰ সমষ্টিয়ে সমষ্টিয়ে থাকিব উপায়ুক্ত কাৰ্যালয়ৰ সমপৰ্যায়ৰ কাৰ্যালয়।


ইফালে আনফিট আৰক্ষীক দিব চৰকাৰে স্বেচ্ছামূলক অৱসৰ। বহু সময়ত UNFIT আৰক্ষীক লৈ বিভিন্ন আলোচনা হোৱা দেখা যায়। তেনেকুৱা ৩০০ UNFIT আৰক্ষীক স্বেচ্ছামূলক অৱসৰ দিবলৈ সাজু চৰকাৰ। অসম চৰকাৰে একাংশ মেদবহুল আনফিট আৰক্ষীক বিদায় দিবলৈ ওলাইছে। বিদাই দিব মদ খাই খাই অসুস্থ হোৱা তিনিশমান আৰক্ষীক। দেওবাৰে এই কথা ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷

"এনেকুৱা প্ৰায় ৩০০মান আৰক্ষী আছে৷ মদ খাই কাম কৰিব পৰাকৈ সুস্থ হৈ থকা নাই৷ আমি এইসকলক স্বেচ্ছামূলক অৱসৰ দিম৷ দৰমহা সমান পাই থাকিব৷ সেই খালী হোৱা পদসমূহত নতুনক সুযোগ দিম৷" –মুখ্যমন্ত্ৰীয়ে কয়।

ইফালে অসম চৰকাৰে ডিচিসকলৰ পৰা কমাব বিচাৰিছে কামৰ বোজা। কামৰ বোজা কমিব উপায়ুক্তসকলৰ। আইন–শৃংখলাকে ধৰি কিছুমান অতি গুৰুত্বপূৰ্ণ কামতহে নিয়োজিত হ'ব উপায়ুক্তসকল। উপায়ুক্তসকলৰ পৰা কিছুমান কামৰ বোজা কমাবলৈ অসম চৰকাৰে কৰিব ক্ষমতাৰ বিকেন্দ্ৰীকৰণ৷ বিকেন্দ্ৰীকৰণ হ'ব উপায়ুক্তৰ ক্ষমতাৰ, নিৰ্দিষ্ট কৰা হ'ব উপায়ুক্তৰ কৰ্তৃত্ব৷ ১২৬টা বিধানসভা সমষ্টিত উপায়ুক্তৰ সমপৰ্যায়ৰ হ'ব একোটাকৈ কাৰ্যালয়, য'ত ADCৰ হাতত থাকিব সমষ্টিটোৰ কৰ্তৃত্ব৷ এই কথাও জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে৷ ১২, ১৩ আৰু ১৪ মে'ত তিনিচুকীয়াত হ'বলগীয়া উপায়ুক্তসকলৰ সন্মিলনত এনে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰ্যকৰী কৰা হ'ব বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷

Post a Comment

Previous Post Next Post