অপাৰ শক্তিসম্পন্ন এগৰাকী নাৰী ৷ কষ্টসহিষ্ণু নাৰীগৰাকীয়ে যি কাম কৰি আছে, সেয়া বহুতৰে বাবে সম্ভৱপৰ নহয় ৷ বুকুত এসাগৰ বেদনাৰ বোজা লৈ দিন-ৰাতি একাকাৰ কৰি চলাই গৈছে জীৱন সংগ্ৰাম ৷ জটিলতাৰে মোকাবিলা কৰি জীৱন যুঁজত অৱতীৰ্ণ হোৱা মহিলাগৰাকীৰ নাম ৰুমী মহিলাৰী ৷ আৰ্থিক দৈন্যৰ কবলত পৰি নাৰায়ণপুৰৰ শিমলুগুৰিৰ মহিলাগৰাকীয়ে ৰ'দ-বৰষুণ কাটি কৰি ঘৰে-ঘৰে বিক্ৰী কৰি আহিছে কাপোৰ ৷
দিনটো ৫০-৬০ কিঃমিঃ ঘূৰি যি দুপইচা লাভ হয়, তাৰেই চলাই নিছে পৰিয়ালটো ৷ দিনহাজিৰা কৰা স্বামী গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পিছতে সৰগ ভাগি পৰিল ৰুমী মহিলাৰীৰ মূৰত ৷ সন্তানক পঢ়ুওৱাৰ লগতে স্বামীৰ চিকিৎসাৰ খৰচৰ বাবে প্ৰয়োজন হ'ল অৰ্থৰ ৷ উপায় বিচাৰি এখন চাইকেল কিনিলে ৰুমী মহিলাৰীয়ে ৷ সেই চাইকেলখনৰ সহায়ত ঘৰে-ঘৰে কাপোৰ বিক্ৰী কৰাৰ সিদ্ধান্ত ল'লে কঠোৰ মনোবলৰ অধিকাৰী ৰুমী মহিলাৰীয়ে ৷ চাইকেলৰ চকা নুঘূৰিলে পৰিয়াল চলাব নোৱৰা ৰুমী মহিলাৰী এটা সময়ত শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিল ৷
চাইকেলৰ পেডেল ঘূৰাবলৈ শক্তি নোহোৱাত ঋণ লৈ কিনি ল'লে এখন স্কুটী, যাৰ জৰিয়তে সম্প্ৰতি নাৰায়ণপুৰৰ পৰা গহপুৰলৈকে প্ৰতিটো পদূলিত আশাৰে এখন্তেক ৰয়, কিজানি কোনোবা আহেই ৰুমীৰ পৰা কিবা এটা কিনিবলৈ ৷ কিন্তু প্ৰায়েই বিমুখ হৈ সিক্ত দুচকুৰে উভতি যাবলগীয়া হয় মহিলাগৰাকী ৷ আঢ্যৱন্তৰ পৃথিৱীত যেন বহুতেই উভতি নাচায় ৰুমীলৈ৷ তথাপি হাৰ মনা নাই ৰুমী মহিলাৰীয়ে ৷
চলাই নিছে জীৱন জীয়াৰ সংগ্ৰাম ৷ পৰিতাপৰ বিষয়টো হ'ল যে এখন স্কুটীৰ গৰাকী হোৱাৰ বাবেই ৰুমী মহিলাৰীয়ে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ সুবিধা ৷ চৰকাৰী আঁচনিয়েও ৰুমীক স্পৰ্শ কৰিব নোৱৰাত জটিলটাই হেঁচা মাৰি ধৰিছে পৰিয়ালটোক ৷
চলাই নিছে জীৱন জীয়াৰ সংগ্ৰাম ৷ পৰিতাপৰ বিষয়টো হ'ল যে এখন স্কুটীৰ গৰাকী হোৱাৰ বাবেই ৰুমী মহিলাৰীয়ে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ সুবিধা ৷ চৰকাৰী আঁচনিয়েও ৰুমীক স্পৰ্শ কৰিব নোৱৰাত জটিলটাই হেঁচা মাৰি ধৰিছে পৰিয়ালটোক ৷
