স্বৰ্ণকন্যা লাভলীনা বৰগোঁহাইৰ চকুত চকুপানী! বায়েকৰ এক প্ৰশ্নত চকুলো নিগৰিল লাভলীনা বৰগোহাঁইৰ। আজি এক আৱেগিক মুহূৰ্তৰ সাক্ষী হ'ল CISF বাহিনী। বৰঝাৰস্থিত CISFৰ ইউনিটত আজি লাভলীনা বৰগোহাইক বিশেষভাৱে সম্বৰ্ধনা জনাই CISF আৰু বিমানবন্দৰ কৰ্তৃপক্ষই।
উল্লেখযোগ্য যে, এই সম্বৰ্ধনা অনুষ্ঠানতে এক প্ৰশ্নোত্তৰ শিতান অনুষ্ঠিত কৰা হয়। এই শিতানত বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰে আৰু লাভলীনাই উত্তৰ জনাই যায় । কিন্তু বায়েকৰ এক প্ৰশ্নত চকুলো ৰখাব নোৱাৰিলে লাভলীনাই। বায়েকে "ঘৰৰ পৰা বাহিৰত থকা সময়ত ঘৰৰ কথা মনত পৰেনে?' বুলি সুধি লাভলীনাক সচাঁ কথা ক'বলৈ কোৱাত চকুলো বৈ গ'ল বিশ্বশ্ৰেষ্ঠ বক্সাৰগৰাকীৰ। উক্ত অনুষ্ঠানত উপস্থিত আছিল CISF ত কামাণ্ডেন্ট লালমোহন ঠাকুৰ আৰু মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা।
Tags:
Sports