নগাঁৱৰ ডিমৰুগুৰিৰ মাহলোৰ পথৰ সন্মুখত সোমাবাৰে নিশা সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত থিতাতে ৩জন যুৱকৰ মৃত্যু হয়। স্কুটী আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাত ডিমৰুগুৰিৰ মুন্না দাস, পংকজ দাস আৰু বিক্ৰম দাস নামৰ তিনিগৰাকী যুৱকৰ থিতাতে মৃত্যু হয়। এই ঘটনাৰ পিছতে ডিমৰুগুৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৩গৰাকী যুৱকৰ অকাল মৃত্যুৱে অঞ্চলটোৰ ৰাইজক শোকস্তব্ধ কৰি তোলাৰ সময়তে একাংশ যুৱকে মৃতদেহ লৈ ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে।
আনহাতে এহাল দম্পতীয়ে প্ৰতিবাদী ৰাইজৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱাক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। একাংশ লোকে স্বামী-স্ত্ৰীক আক্ৰমণৰ চেষ্টা চলায় যদিও যান-বাহন আৰক্ষীয়ে তেঁওলোকৰ বাহনত সুৰক্ষা দি লৈ যোৱাৰ চেষ্টা কৰে।
উত্তেজিত ৰাইজে যান-বাহন আৰক্ষীৰ বাহনতো আক্ৰমণ কৰে। অৱশ্যে তেনে সময়তে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। নিশা সংঘটিত এই ঘটনাই সমগ্ৰ চহৰখনতে শোকৰ ছাঁ পেলাইছে।