ভাৰতীয় ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীত এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : দ্ৰুত সিদ্ধান্ত নল’ব। শীতল মগজুৰে ভাবিলে চিন্তা–ভাৱনাৰ ওৰ পৰিব।
বৃষ : কোনো দ্বিধাত ৰৈ নাথাকিব, মনে যি বিচাৰিছে সেইভাৱেই কাম কৰক।
মিথুন : সহজতে হাততে বিভিন্ন বিষয়ৰ তথ্য লাভ কৰিব। বিশ্বাস কৰাৰ পূৰ্বে আবোগ চম্ভালিব লাগিব।
কৰ্কট : স্বাধীনচিতীয়া মনোভাৱেৰে দিনটো পাৰ হ’ব, আনৰ সিদ্ধান্তই আপোনাক দমন কৰি ৰাখিব নোৱাৰিব।
সিংহ : নিজৰ ভুল স্বীকাৰৰ জৰিয়তে সমস্যাৰ সমাধান আৰু কৰ্মক্ষেত্ৰত যশ বৃদ্ধি পাব।
কন্যা : একেলগে বহু কাম হাতত নল’ব, তেনে কৰিলে কোনো কামেই শেষ নহ’ব।
তুলা : সঁচা কথা স্পষ্টভাৱে ক’লে নিজেও ভালে থাকিব, আনৰো উপকাৰ হ’ব।
বৃশ্চিক : একেলগে কামৰ মাজেৰে সফলতা আহিব, এয়া ভুল নকৰিব।
ধনু : কোনো বস্তু অপছন্দ হ’লে সেয়া মুখৰ আগতে কওক, নহ’লে সমস্যা বাঢ়িব।
মকৰ : সকলোৰে সৈতে সৌহাৰ্দ্য বাঢ়িব, চকুৰ নিমিষতে কাম শেষ হৈ যাব।
কুম্ভ : চকু–কাণ খোলা ৰাখক, সজাগ থাকক, বিতৰ্কত আপোনাৰ জয় হ’ব।
মীন : আনক কথা কোৱাৰ সুযোগ দিয়ক, নহ’লে কথোপকথন একঘেয়ামী হৈ উঠিব।