আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তাৰ পূৰ্বে অসমবাসীক জনালে ব’হাগ বিহুৰ শুভেচ্ছা


 

অসমবাসীক ৰঙালী বিহুৰ (Rongali Bihu) শুভেচ্ছা জনালো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi)। ছচিয়েল মিডিয়াযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহুৰ শুভেচ্ছা জনালে সমূহ অসমবাসীক। এইবেলি ব’হাগ বিহু অসমবাসীৰ সৈতে উদযাপন কৰিম বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।


ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে – ‘‘ব’হাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবেলি ব’হাগ বিহুৰ বিশেষ অনুষ্ঠান মৰমৰ অসমবাসীৰ সৈতে মই উদযাপন কৰিম। এই উৎসৱে আমাৰ সমাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ উদ্দীপনা বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ।’’

উল্লেখযোগ্য যে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। গৰু বিহুৰ দিনটোতে অসমত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মোদীয়ে। চাংসাৰিত নিৰ্মিত AIIMSৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। AIIMS উদ্বোধনৰ পিছতে সেই স্থানৰ পৰাই নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয় ভাৰ্ছুৱেলী উদ্বোধন কৰিব।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তীৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। সন্ধিয়ালৈ সৰুসজাই ষ্টেডিয়ামত উপস্থিত থাকি গীণিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰ পৰা বিহুৰ বিশ্ব অভিলেখৰ প্ৰমাণপত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Post a Comment

Previous Post Next Post