অসমৰ বাপতিসাহোন ৰঙালীক আদৰাৰ প্ৰস্তুতিৰ অন্তত আজিৰে পৰা আৰম্ভ হ’ল ৰঙালীৰ উৎসৱৰ আনন্দ ৷ আজি গৰু বিহুৰ দিনটোত পৰম্পৰাগতভাৱে গৰুক নোৱাই–ধোৱাই ৰাজ্যবাসীয়ে বহাগ বিহুৰ আনন্দ উপভোগ কৰিছে। পৰিয়াল, আত্মীয় স্বজন, বন্ধু বান্ধৱৰ সৈতে আনন্দ উল্লাসেৰে এই বিহু উদযাপন কৰে।
এই আনন্দৰ উৎসৱৰ দিনতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতন্দ্ৰ প্ৰহৰী বনকৰ্মী সকলে পৰিয়াল বৰ্গৰ পৰা নিলগত থাকি দিনে নিশাই নিজৰ কৰ্তব্য পালন কৰিবলগীয়া হৈছে ৷ কাৰণ তেওঁলোকৰ ওপৰত গধুৰ দায়িত্ব আছে ৷ কৰ্তব্যৰ বাবে ইচ্ছা থাকিলেও পৰিয়ালৰ কাষলৈ যাবলৈ তেওঁলোক অপাৰগ ৷ গতিকে বিহুৰ দিনা সহকৰ্মী সকলৰ লগতে বিহু গাই নাচিবাগি মনৰ হেঁপাহ পুৰন কৰাৰ চেষ্টা কৰিছে বনকৰ্মীসকলে ৷
বিহুৰ দিনা পৰিয়ালৰ পৰা নিলগত থাকিব লগীয়া হোৱাৰ বেজাৰ মনৰ মাজত থাকিলেও ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ স্বাৰ্থত মনৰ বেজাৰ আঁতৰাই খন্তেকৰ বাবে হ’লেও বনকৰ্মী সকলেমন প্ৰাণ ঢালি আনন্দ উপভোগ কৰিছে।