অৱশেষত ড্ৰীম গাৰ্ল হেমা মালিনীয়ে স্বীকাৰ কৰিলে নিজৰ ভুল !


 

অৱশেষত ড্ৰীম গাৰ্ল হেমামালিনীয়ে স্বীকাৰ কৰিলে নিজৰ ভুল। তেওঁ টুইটযোগে উল্লেখ কৰে যে ভুলতে তেওঁ বিহুক বিহাৰৰ বুলি উল্লেখ কৰিছে। মোক ক্ষমা কৰিব। সেয়া বিহু, অসমৰ উৎসৱ হ'ব লাগে।অসমৰ বিহুৱে বিশ্ব অভিলেখ গঢ়াৰ সময়তে বলিউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীৰ এটা টুইটক লৈ সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ। অভিনেত্ৰীগৰাকীয়ে কালি উৎসৱৰ শুভেচ্ছা দি কৰা এটা টুইটত অসমীয়াৰ স্বাভিমান বিহুক 'বিহাৰ'ৰ বুলি উল্লেখ কৰিছিল। অভিনেত্ৰীগৰাকীৰ এই টুইটৰ পিছতে নেটিজেনৰ মাজত সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ।

Post a Comment

Previous Post Next Post